ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - মুখ্যমন্ত্ৰী

অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নলবাৰীত কংগ্ৰেছ দলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বৰক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন ৷

Congress protests against price hike At Nalbari District
মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Jul 10, 2021, 2:21 PM IST

নলবাৰী, 10 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ এই আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নলবাৰীত কংগ্ৰেছৰ দলীয় কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰৰ এটা পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলৰ সৈতে কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰ্ণা দিয়া পৰিলক্ষিত হয় ৷ কৰ'ণা সৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে যি ধৰণে ৰাইজক সহায় কৰিব লাগিছিল, তেনেধৰণে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

অকল সেয়া নহয়, কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী কৃষি যোজনাই হওঁক বা আন চৰকাৰী আঁচনিয়ে হওঁক, সকলোবোৰতে বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷

যি সকল লোকে এই দুৰ্নীতি কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷ পেট্ৰ'ল-ডিজেলৰ কৰ হ্ৰাস কৰিবলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বিধায়ক দিগন্ত বৰ্মনে ৷ অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ লগতে প্ৰতি লিটাৰ মিঠাতেল 200-240 টকা পৰ্যন্ত হৈছে যদিও চৰকাৰে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক বৰ্মনে ৷ জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক- দৰঙত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.