ETV Bharat / city

বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বান-গৰাখহনীয়া পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতি দলৰ

author img

By

Published : May 25, 2022, 11:09 AM IST

বিধায়ক দিগন্ত বৰ্মন, ৰেকিবুদ্দিন আহমেদ আৰু বসন্ত দাসৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সঁজাতি দলে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰীত বান-গৰাখহনীয়া পৰিদৰ্শন কৰে(Congress delegates visits flood affected area) । ভূতভূতি নাৱেৰে আহি চৰাঞ্চলত উপস্থিত হয় কংগ্ৰেছৰ সঁজাতি দলটো ।

Congress delegates visit flood affected area at Nalbari
বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বান-গৰাখহনীয়া পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতি দলৰ

নলবাৰী, 25 মে’ : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰীত মঙলবাৰে বান আৰু গৰাখহনীয়া(Erosion in Char area of Barkhetri) পৰিদৰ্শন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে দুৰ্গম চৰাঞ্চলত বান, গৰাখহনীয়া পৰিদৰ্শন কৰে(Congress delegates visits flood affected area) ।

নলবাৰীত বান-গৰাখহনীয়া পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতি দলৰ

কংগ্ৰেছৰ সঁজাতি দলটোৱে অঞ্চলটো পৰিদৰ্শন কৰি দুৰ্গম চৰাঞ্চলৰ ৰাইজৰ পৰিস্থিতিৰো বুজ লয় । উল্লেখ্য যে, ভাংনামাৰীত অৱস্থিত আৰক্ষী থানা, স্বাস্থ্যকেন্দ্ৰ আৰু শিক্ষানুষ্ঠানসমূহলৈ গৰাখহনীয়াই প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে । যাৰ ফলত এই অনুষ্ঠানসমূহ অন্য স্থানলৈ স্থানান্তৰিত কৰিবলগীয়াৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে । চৰকাৰী অনুষ্ঠানসমূহ ৰক্ষা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিলে কংগ্ৰেছৰ সঁজাতি দলটিয়ে ।

ইয়াৰোপৰি প্ৰতি বছৰে হোৱা গৰাখহনীয়াৰ ফলত ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমি । যাৰ বাবে অন্য স্থানলৈ স্থানান্তৰিত হৈছে বহু পৰিয়াল । দুৰ্গম চৰাঞ্চলৰ বান পৰিদৰ্শন কৰি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে কয় যে, চৰকাৰে জাকজমকতাৰে বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰিছিল । কিন্তু ইফালে চৰাঞ্চলৰ লোকসকলে গৰাখহনীয়াত দিকবিদিক হেৰুৱাই দুৰ্বিঃসহ জীৱন অতিবাহিত কৰিছে ।

উল্লেখ্য যে, বিধায়ক দিগন্ত বৰ্মন আৰু ৰেকিবুদ্দিন আহমেদে গৰাখহনীয়া ৰোধৰ বাবে তৎকালে হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়(Flood situation in Assam) ৷ লগতে চৰাঞ্চলৰ গৰাখহনীয়া সমস্যা ৰোধৰ কাৰণে এক দীৰ্ঘম্যদী আঁচনি ল’বলৈকো সঁজাতি দলটোৱে চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক : Flood relief : ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত কেন্দ্ৰই বঞ্চনা কৰিছে অসমক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.