নলবাৰী, 7 এপ্ৰিল : এই নিৰ্বাচন অতি কঠিন নিৰ্বাচন, কিয়নো এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হলে সলাই পেলাব পাৰে দেশৰ সংবিধান ৷ আৰ এছ এছৰ সংবিধানখনকে বিজেপিয়ে বনাই দিব পাৰে দেশৰ সংবিধান ৷ দেওবাৰে নলবাৰীৰ চামতাত আদৰণি অনুষ্ঠান আৰু কৰ্মীসভাত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ উক্ত অনুষ্ঠানতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় আঞ্চলিক দল অগপকো ৷ অগপ এটা ভ্ৰষ্ট ৰাজনৈতিক দল আখ্যা দি CAB ৰ বিৰোধিতা কৰি নাটকেৰে চৰকাৰৰ পৰা ওলাই আহি পুনৰ ক্ষমতাৰ খকত CAB সমৰ্থনকাৰী বিজেপিৰ সৈতে মিত্ৰতাত মিলিত হোৱা কাৰ্যক কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰে এইবাৰ দিল্লীত কংগ্ৰেছ চৰকাৰক আনিবলৈ ৰাইজক আহ্বান কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ৷ ইপিনে এইবাৰ নিৰ্বাচনত অসমত কংগ্ৰেছে ১০ আখনত জয়ী হ'ব বুলি দৃঢ়তাৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে বৰপেটাৰ প্ৰাৰ্থীগৰাকীয়ে ৷
উল্লেখ্য যে, নলবাৰীৰ চামতাত অনুষ্ঠিত এই আদৰণি আৰু কৰ্মীসভাত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা, কংগ্ৰেছ নেত্ৰী পাপৰী মালাকৰ,প্ৰদ্যুৎ ভূঞাৰ লগতে কেইবাগৰাকীও কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে ।