নলবাৰী, 26 মাৰ্চঃনলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী সভা । মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতাই সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিয়েই আজি নলবাৰীৰ ৰাজীৱ ভৱনত নিৰ্বাচনী সভাত অংশ লয় । নলবাৰীৰ এই নিৰ্বাচনী সভাত জ্যেষ্ঠ কংগ্ৰেছী নেতা ডাঃ ভূমিধৰ বৰ্মন, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ লগতে বহু কংগ্ৰেছী নেতা উপস্থিত থাকে। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কক মূল ইচ্ছ্যু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিভিন্ন দল সংগঠনৰ সমৰ্থন লাভ কৰাৰ কথা উল্লেখ কৰে মঙলদৈৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই ৷
আনহাতে বিগত সময়ছোৱাত বিজেপি সাংসদগৰাকীয়ে একো উন্নয়ন কৰিব নোৱাৰিলে বুলি ৰমেন ডেকাক সমালোচনা কৰে কলিতাই । উল্লেখ্য যে, উক্ত নিৰ্বাচনী সভাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডিম্বেশ্বৰ কলিতাসহ কেইবাগৰাকীও কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।