ETV Bharat / city

নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বিসংগতিৰ অভিযোগ

author img

By

Published : Apr 23, 2022, 9:24 AM IST

নলবাৰীৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত বিসংগতি(Discrepancy in entrance examination of Navodaya Vidyalaya) ৰ অভিযোগ ৷ দিশহাৰা অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী ৷ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অসমীয়া ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ ৷

allegations-of-discrepancy-in-entrance-examination-of-navodaya-vidyalaya-in-nalbari
জৱাহৰ নৱোদয় বিদ্যালয় নলবাৰী

নলবাৰী, 23 এপ্ৰিল : প্ৰতিবছৰৰ দৰে এইবেলিও 30 এপ্ৰিলত অনুষ্ঠিত হ’ব জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা(Entrance Examination of Jawahar Navodaya Vidyalaya) ৷ কিন্তু এই পৰীক্ষাক লৈ সম্প্ৰতি সৃষ্টি হৈছে বিতৰ্ক(Controversy of Jawahar Navodaya Vidyalaya Nalbari) ৰ ৷

জানিব পৰা মতে, নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ৷ কিন্তু এইবেলি এই প্ৰৱেশ পৰীক্ষাৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ শতাধিক ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে অভিযোগ উত্থাপন কৰা অনুসৰি, পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে পৰীক্ষাত বহিবলৈ কৰিছিল আবেদন ৷

কিন্তু আবেদনকাৰীসকলে আজিলৈকে লাভ নকৰিলে প্ৰৱেশ পত্ৰ ৷ যাৰবাবে তেওঁলোকে যোগাযোগ কৰে বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ৷

নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বিসংগতিৰ অভিযোগ

তাৰপিছতো বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো সদুত্তৰ লাভ নকৰাত আৰু পৰীক্ষালৈ মাজত মাথোঁ সাতদিন বাকী থকাত বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল ৷ এই সন্দৰ্ভত সকলো কথা অভিভাৱকসকলে জিলা উপায়ুক্ত গীতিমণি ফুকনক অৱগত কৰা বুলি সদৰি কৰে ৷ তাৰপিছতো কিন্তু কোনো সুফল লাভ নকৰা বুলি দাবী কৰে ভুক্তভোগীসকলে ৷

উল্লেখ্য যে, পৰৱৰ্তী সময়ত নলবাৰীৰ বানেকুছিত থকা জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়টো মানি লৈ তেওঁলোকৰ শীৰ্ষ কৰ্তৃপক্ষৰ লগতে আঞ্চলিক কাৰ্যালয়ত জনোৱা বুলি কৈ বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে ৷

ছাত্ৰ-ছাত্ৰীসকলে জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত প’ৰ্টেলত আবেদন জনোৱাৰ পিছত কেনেদৰে বিসংগতি(Discrepancy in entrance examination of Navodaya Vidyalaya) হ’বলৈ পালে, তাকে লৈ প্ৰশ্ন উত্থাপন কৰে অভিভাৱকসকলে ৷ ৰাজ্যৰ বহু কেইখন জিলাত এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে অভিভাৱকসকলে ৷

লগতে চাওক: বালিকুৰিত নগদ ধনৰ বাবদ ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ দিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.