ETV Bharat / city

একনাথ সিন্দেই দি যোৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে: অখিল গগৈ - বান পৰিস্থিতি বুজ লৈ চৰকাৰক সমালোচনা

শুকুৰবাৰে নলবাৰীৰ বৰভাগৰ বৰশিমলুৱাত বন্যাৰ্তৰ খবৰ লয় বিধায়ক অখিল গগৈয়ে (Akhil Gogoi Visit Flood affected area of Nalbari) ৷ অসমৰ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ একনাথ সিন্দেই আগবঢ়োৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷

Akhil Gogoi Visit Flood affected area of Nalbari
একনাথ সিন্দেই আগবঢ়োৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে: অখিল গগৈ
author img

By

Published : Jul 1, 2022, 5:25 PM IST

নলবাৰী, 1 জুলাই: "মথাউৰি ভঙাৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই ৰাইজৰ লগত নাথাকি ৰেডিচন ব্লুত (Guwahati Radisson Blue Hotel) শিৱ সেনাৰ বিধায়কৰ কেম্প ইনচাৰ্জৰ দায়িত্বত আছিল ৷" নলবাৰীত বন্যাৰ্তৰ খবৰ ল'ব আহি এইদৰে সংবাদ মাধ্যমৰ সন্মূখত মন্তব্য কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi Visit Flood affected area of Nalbari) ৷

লগতে অসমৰ বান পৰিস্থিতিৰ (Flood in Assam) লগত মোকাবিলা কৰিবলৈ একনাথ সিন্দেই (Maharashtra rebel MLA Eknath Shinde) আগবঢ়োৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷ শুকুৰবাৰে অখিল গগৈয়ে নলবাৰীৰ বৰভাগৰ বৰশিমলুৱাত বন্যাৰ্তৰ খবৰ লৈ চৰকাৰে বন্যাৰ্তৰ দুখ-দুৰ্দশাক মাত্ৰ ৩,৮০০ টকাৰ লগত ৰিজাইছে বুলি কটাক্ষ কৰে (Akhil Gogoi criticize Assam govt regarding Guwahati flood) ৷

একনাথ সিন্দেই আগবঢ়োৱা ৫১ লাখ টকাৰ সাহাৰ্য নালাগে: অখিল গগৈ

তেওঁ‌ পকী ঘৰ বিধ্বস্ত হোৱা লোকক দহ লাখ টকা আৰু কেঁচা ঘৰ বিধ্বস্ত হোৱা লোকক পাঁচ লাখ টকা সাহাৰ্য প্ৰদানৰ দাবী তোলে ৷ কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চাই বুলি অভিযোগ কৰি অসমক পেকেজ দিয়াৰ ভয়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি অহা নাই বুলি কটাক্ষ কৰে অখিল গগৈয়ে । ইয়াৰ লগতে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰালৈকে ৰাইজৰ দলে সংগ্ৰাম কৰি যাব বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

ইফালে ভূটানৰ কুৰিশ্বু বান্ধত অসমৰ ৰাইজে চকু ৰাখিব লাগিব বুলি কৈ ভূটানত থকা নদীবান্ধ বন্ধ কৰাৰ হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে । বৰভাগৰ দুসুতি মুখত বিগত কুৰি বছৰে নিৰ্মাণ নোহোৱা শ্লুইচ গেটটোও অতিশীঘ্ৰে নিৰ্মাণ কৰা দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: কাকপথাৰত সেনা-আলফা(স্বা)ৰ মুকলি সংঘৰ্ষ: এজন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.