ETV Bharat / city

Samujjal Kumar Bhattacharya reaction: নতুন শিক্ষানীতিয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিব অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক

author img

By

Published : Jul 28, 2022, 8:34 PM IST

নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(AASU Chief Advisor Samujjal Kumar Bhattacharya) । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নতুন শিক্ষা নীতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আছুৰ উপদেষ্টাগৰাকীয়ে(Samujjal Kumar Bhattacharya on New Education Policy) ।

AASU Chief Advisor Samujjal Kumar Bhattacharya reaction on New Education Policy
আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নলবাৰী, ২৮ জুলাই: নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়(AASU holds special felicitation programme at Nalbari) । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা হয় এই অনুষ্ঠান । অনুষ্ঠানত নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় ৷

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজিৎ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(AASU Chief Advisor Samujjal Kumar Bhattacharya) ৷ ভাষণ প্ৰসংগত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নতুন শিক্ষা নীতি সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ প্ৰতিখন বিদ্যালয়ত এটা কেৰিয়াৰ কাউন্সেলিং চেল খোলাৰ আহ্বান জনায় ৷ যিসকল মেধা ছাত্ৰ-ছাত্ৰীক অভিভাৱকসকলে বাহিৰত পঢ়ুৱাব পৰা নাই, সেই ছাত্ৰ-ছাত্ৰীৰ মুখলৈ চাই অসম চৰকাৰে ধনাত্মক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে ।

একেদৰে শিক্ষাৰ নৱদ্বীপ নলবাৰীত দক্ষতা বিকাশ মহাবিদ্যালয়, নগাওঁ মহাবিদ্যালয়খন স্বায়ত্ব শাসিত মহাবিদ্যালয়লৈ উন্নীতকৰণ, এখন কৃষি আৰু মীন বিশ্ববিদ্যালয় স্থাপনৰ লগতে গুৰুজী আদ্যনাথ শৰ্মা সোঁৱৰণী চিত্ৰ কলা ভাস্কৰ্য মহাবিদ্যালয় স্থাপন কৰিব লাগে বুলিও দাবী উত্থাপন কৰিলে । তেওঁ অসমত অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যম তথা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বুলি উল্লেখ কৰে ৷

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যৎ বুলি উল্লেখ কৰি অসম মাতৃৰ সৰ্বাংগীন উন্নয়ন আৰু নৱ-ভাৰত গঢ়াৰ বাবে আজিৰ ছাত্ৰ-ছাত্ৰীসকলেই দায়িত্ব ল’ব লাগিব বুলি উল্লেখ কৰে । তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিটো সামাজিক দিশত সদায়ে আছুৱে অৰিহণা যোগাব বুলিও মন্তব্য কৰে । অনুষ্ঠানত নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ দীপক কুমাৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, কৃতি ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Kuri Bosor Jail to be telecast: প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰ্দাত কলাগুৰুৰ "কুৰি বছৰ জেইল"

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.