নগাঁও, 5 জুনঃ শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও চহৰৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কাৰ্য ৰূপায়ণ । জুবিন গাৰ্গ ফেন ক্লাৱে আৰু আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত পৃথকে-পৃথকে বিভিন্ন ঠাইত ৰোপন কৰা হয় গছ-পুলি ।
নগাঁৱৰ হয়বৰগাঁও,বৰঘাট বাইপাছ আদি বিভিন্ন স্থানত ৰোপণ কৰা হয় গছপুলি । এশ গছপুলি ৰোপণৰ উদ্দেশ্যেৰে পুৱা 7 বজাৰ পৰা গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰে জুবিন ফেন ক্লাৱে ।
ইপিনে নগাঁও আদালত চৌহদত গছপুলি ৰোপন কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে । পাঁচশ গছপুলি ৰোপণ কৰাৰ লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে । লগতে বিভিন্নজনৰ মাজত প্ৰদান কৰা হয় গছপুলি ।
গছপুলি ৰোপণ কৰাৰ উপৰিও পৰিৱেশ সুৰক্ষাৰ বাবে স্বচ্ছতাৰ ওপৰতো গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায় আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা মনালিছা দাসে ।
লগতে চাওকঃ নিজ গাঁওখনক স্মাৰ্ট চিটিলৈ পৰিৱৰ্তনৰ চেষ্টা আজমেৰৰ দুই ভাতৃৰ