চামগুৰি, 7 আগষ্ট : চামগুৰিত এতিয়া নিশা হ'লেই বন্য হস্তীৰ (wild elephants) উপদ্ৰৱত টোপনি নাহে গাঁওবাসীৰ । ধৰাবাহিকভাৱে হাতীৰ উপদ্ৰৱে কলিয়াবৰৰ কেইবাখনো গাঁৱৰ বাসিন্দাক শংকিত কৰি তুলিছে । চামগুৰি, ভৰাগুৰি, পদুমনি আদি অঞ্চলত আদি গাঁৱত নিশা প্ৰায়ে বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায় ।
খাদ্যৰ সন্ধানত কাজিৰঙাৰ (Kaziranga) পৰা ওলাই আহি বন্য হস্তীয়ে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বহুতৰে ঘৰ, দোকান, ভঁৰাল ভাঙি ধান খোৱাৰ লগতে অনিষ্ট কৰে বিভিন্ন সা-সামগ্ৰী । শুকুৰবাৰে নিশাও ভৰাগুৰিৰ (Bharaguri) এজন লোকৰ পাকঘৰটি সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে ৷ বিগত এমাহধৰি বন্যহস্তীয়ে ক্ষতিগ্ৰস্ত কৰিছে বহু লোকৰ বাসগৃহ তথা ভঁৰাল ঘৰ।
দিনে-নিশাই অব্যাহত থকা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে এতিয়া খেতি কৰিবলৈ বাদ দিয়াৰ উপক্ৰম হৈছে ভৰাগুৰিৰ কৃষক ৰাইজৰ । ইয়াৰ বিপৰীতে বন বিভাগৰ লোকে নিতৌ বন্দুক-আতচবাজী ফুটাই হাতী কেইটাক পাহাৰলৈ খেদি পঠিওৱাৰ অপ্ৰাণ চেষ্টা চলাই আছে ৷
লগতে পঢ়ক - মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ
কিন্তু ইমানবোৰ প্ৰচেষ্টাৰ পিছতো হাতী খেদিবলৈ সক্ষম নোহোৱাত স্থানীয় ৰাইজে চৰম অসন্তুষ্টি তথা ক্ষোভ ব্যক্ত কৰিছে সংশ্লিষ্ট বিভাগটোৰ বিৰুদ্ধে । এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ সহায় বিচাৰিছে স্থানীয় ৰাইজে ৷ প্ৰকৃতি প্ৰেমীসকলে (Nature lover) ধাৰণা কৰা মতে বন্য হস্তীৰ উপদ্ৰৱৰ বৃদ্ধি জনসাধাৰণৰ প্ৰকৃতি ধ্বংসও অন্যতম কাৰক যদিও এই ক্ষেত্ৰত দূৰদৰ্শিতাৰ অভাৱে এনে ঘটনাক অধিক সাৰ-পানী যোগাইছে ।
বন বিভাগৰ (Forest department) দূৰদৰ্শিতাৰ অভাৱৰ ফলতো ৰাজ্যৰ বন্যপ্ৰাণীয়ে ভয়ানক খাদ্য সংকটত (Food crisis) ভুগিছে বুলি একাংশ ৰাইজে বিশ্বাস কৰে । কিয়নো বন বিভাগৰ তদাৰকত থকা বন ভূমি তথা পাহাৰত বন বিভাগে মূল্যৱান গছ লগোৱাৰ যি কাৰ্য হাতত লৈছিল, সেই কাৰ্য্যই ৰাজ্যখনক কোনো দিশতে সহায় কৰিব পৰা নাই ।
শাল, চেগুণৰ দৰে মূল্যবান গছবোৰ চোৰাং কাঠ বেপাৰীৰ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে । ফলস্বৰূপে ৰাজ্যৰ প্ৰকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিফল হৈছে বন বিভাগ ।
যদিহে বন বিভাগে দূৰদৰ্শিতাৰ পৰিচয় দি পাহাৰবোৰত আম, কঁঠাল, জামু, ঔটেঙা জাতীয় ফলমূলৰ গছ ৰোপণ কৰিলেহেঁতেন তেতিয়া জীৱকূলৰ খাদ্যৰ অভাৱ কিছু হ'লেও দূৰ হ'লহেতেন । ইয়াৰ পৰা হাতীৰ লগতে কপিকুলৰ উপদ্ৰৱো কমিলহেঁতেন বুলি মত প্ৰকাশ কৰে গাঁৱৰ ৰাইজে । সেয়ে বন বিভাগলৈ বাট চাই নাথাকি বিভিন্ন স্থানত একাংশ সচেতন লোকে হাবিৰ খালী ঠাইত বিভিন্ন প্ৰকাৰ ফলৰ উদ্ভিদ ৰোপণ কৰিছে ।