ETV Bharat / city

নগাঁৱৰ দুগৰাকী ছাত্ৰ কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 21, 2021, 3:33 PM IST

নগাঁৱৰ দুগৰাকী ছাত্ৰৰ দেহত ক’ভিড-১৯ অৱস্থিতি । ছাত্ৰ দুগৰাকী নগাঁৱৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ৰ বুলি অপপ্ৰচাৰ চলাৰ অভিযোগ ।

নগাঁৱৰ দুগৰাকী ছাত্ৰ কৰ'ণাত আক্ৰান্ত
নগাঁৱৰ দুগৰাকী ছাত্ৰ কৰ'ণাত আক্ৰান্ত

নগাঁও,21 এপ্ৰিল: নগাঁৱত বুধবাৰলৈ দুশৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী ক’ভিড-১৯ ত । মঙলবাৰৰ দিনটোত জিলাখনত কৰ'ণাৰ দ্বিতীয়টো ঢৌত সৰ্বাধিক ৭২ গৰাকীকৈ লোক আক্ৰান্ত হয় । আক্ৰান্তসকলৰ ভিতৰত আছে দুগৰাকীকৈ ছাত্ৰ । এগৰাকীৰ বয়স এঘাৰ বছৰ আৰু আনগৰাকী ১৩ বছৰীয়া বুলি জানিব পৰা গৈছে ।

নগাঁৱৰ দুগৰাকী ছাত্ৰ কৰ'ণাত আক্ৰান্ত

ক’ভিড-১৯ ত আক্ৰান্ত দুয়োগৰাকী ছাত্ৰৰ লগতে এগৰাকী শিক্ষক নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি হাইস্কুলৰ বুলি একাংশই অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ এক সূত্ৰই জনোৱা মতে, শিক্ষানুষ্ঠানখনৰ কোনো শিক্ষক অথবা ছাত্ৰ এই পৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা নাই ।

লগতে পঢ়ক : ৰঙিয়াত মাইকযোগে ক’ৰণাৰ সজাগতাৰ সৃষ্টিৰ চেষ্টা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.