ETV Bharat / city

নিশা এৰি থৈ যোৱা খোজ দেখি আতংকিত হৈ পৰিছে গাঁওবাসী

বন্যহস্তীৰ উপদ্ৰবৰ পাছতে এইবাৰ কলিয়াবৰত আন এক আতংকই দেখা দিছে ৷ নিশা হ’লে ঘৰৰ পৰা ওলাবলৈ ভয় কৰে গাঁওবাসীয়ে ৷

tiger-terror-at-kaliabor
নিশা এৰি থৈ যোৱা খোজ দেখি আতংকিত হৈ পৰিছে গাঁওবাসী
author img

By

Published : Aug 13, 2021, 9:33 PM IST

কলিয়াবৰ, 13 আগষ্ট : বন্যহস্তীৰ উপদ্ৰৱৰ বাবে সাধাৰণ জনতা সাম্প্ৰতিক সময়ত যথেষ্ট সমস্যাত পৰা দেখা গৈছে ৷ খাদ্য সংকটৰ বাবে বনাঞ্চলৰ পৰা জনাঞ্চাললৈ ওলাই আহে বন্যহস্তীৰ জাক সমূহ ৷ গাঁও সমূহত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰে ৷ খাদ্যৰ বাবে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বন্য হস্তীয়ে ৷ বিগত কিছুদিনৰ পৰা ৰাজ্যত হস্তী-মানৱৰ সংঘাতৰ ফলত বহু লোকে মৃত্যু আঁকোৱালি লোৱা দেখা গৈছে ৷

পিছে এইবাৰ নগাঁও জিলাৰ কৰিয়াবৰত বন্যহস্তী নহয় বাঘৰ আতংকই বিৰাজ কৰিছে ৷ জানিবপৰা মতে, কলিয়াবৰৰ সোণাৰি গাঁৱত খাদ্যৰ সন্ধানত শিলঘাট সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বাঘ ওলাই আহি আতংকিত কৰি তুলিছে গাঁওবাসীক ৷ মুঠৰ ওপৰত বন্যহস্তীৰ ত্ৰাস অব্যাহত থকাৰ মাজতেই এইবাৰ কলিয়াবৰত বাঘৰ বিচৰণক লৈ শংকিত হৈ পৰিছে ৰাইজ ।

বৃহস্পতিবাৰে নিশা এটা বাঘে খাদ্যৰ সন্ধানত বিচৰণ কৰি ফুৰিছিল সোণাৰি গাঁৱত । সেই সময়তে ধাৰাষাৰ বৰষুণ দি আছিল যাৰ বাবে গৃহস্থৰ ঘৰৰ চোতালত ৰৈ যায় বাঘৰ খোজ । ৰাতিপুৱা ঘৰৰ চোতালত বাঘৰ ভৰিৰ খোঁজ দেখা পায় আতংকিত হৈ পৰে গাঁওবাসী ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে শিলঘাট-ৰৱৰবাৰী আৰু কামাখ‍্যা গাঁৱত গো-ধন নিধন কৰিছিল এটা ঢেঁকীয়াপতীয়াই । ইপিনে শিলঘাট সংৰক্ষিত বনাঞ্চলৰ পাহাৰত ঢেকীয়াপতীয়াই অৱস্থান কৰা বুলি জানিব পৰা গৈছিল ৷ আনহাতে, দীৰ্ঘ দিনৰে পৰা সোণাৰি গাঁৱত খাদ্যৰ সন্ধানত বন্যহস্তীয়ে প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভাঙি ত্ৰাস সৃষ্টি কৰি আহিছিল । এতিয়া আকৌ গাঁওখনত বাঘ প্ৰৱেশ কৰা ঘটনাই সম্প্ৰতি অধিক শংকিত কৰি তুলিছে গাঁওবাসীক ।

লগতে পঢ়কঃ দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.