ETV Bharat / city

কলিয়াবৰত বনৰীয়া ম’হ, ওদালগুৰিতো মেঠোনৰ আতংক - ওদালগুৰিত মেথোনৰ আক্ৰমণ

ৰাজ্যত চলিছে বনৰীয়া ম'হ আৰু মেঠোনৰ উপদ্ৰৱ ৷ শেহতীয়াকৈ কলিয়াবৰ আৰু ওদালগুৰিৰ চলিছে বনৰীয়া ম'হ আৰু মেঠোনৰ আতংক ৷ আনকি ওদালগুৰিত বনৰীয়া মেঠোনৰ উপদ্ৰৱত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় (Gaur attack in Udalguri) ৷

wild-buffalo-and-gaur-menace-in-udalguri-or-kaliabor
কলিয়াবৰত বনৰীয়া ম’হ, ওদালগুৰিতো মেঠোনৰ আতংক
author img

By

Published : Apr 29, 2022, 9:21 PM IST

কলিয়াবৰ, তামলপুৰ, 29 এপ্ৰিল : বন্যহস্তী নহয়, এইবাৰ বনৰীয়া ম'হৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে কলিয়াবৰৰ দেউৰী চিলবন্ধা গাঁৱৰ স্থানীয় ৰাইজ ৷ বিগত দুদিন ধৰি দেউৰী চিলাবন্ধা গাঁৱৰ লগতে আন আন কাষৰীয়া গাঁৱতো এটা বনৰীয়া ম'হে উপদ্ৰৱ চলাই সৰিয়হৰ খেতি অনিষ্ট কৰাৰ লগতে পশুধনৰো ক্ষতিসাধন কৰি আহিছে (Wild buffalo menace in Udalguri) ৷

আনকি বন বিভাগেও বনৰীয়া ম'হটো খেদাৰ চেষ্টা কৰিছে যদিও সফল নোহোৱাত বিপাঙত পৰিছে গঞা ৰাইজ ৷ জানিব পৰা মতে, কলিয়াবৰৰ দেউৰী চিলবন্ধাৰ কাষৰীয়া গাঁওসমূহৰ খতি-পথাৰত নিশা ধাৰাবাহিকভাৱে বনৰীয়া গাহৰী আৰু পহুৱে ত্ৰাস চলাই আহিছে । লগতে বনৰীয়া হাতীয়েও পদাৰ্পণ কৰে গাঁওসমূহত ।

বান্দৰৰ কথা ক'বই নালাগে (Monkey menace at Kaliabor) । অৰ্থাৎ দিনৰ ভাগত যদি বান্দৰ, তেন্তে নিশা হোৱাৰ লগে লগে ধাননি পথাৰত নামি আহে জাকে জাকে বনৰীয়া গাহৰি । বিঘাই বিঘাই পকা ধান খাই তহিলং কৰে বনৰীয়া গাহৰিয়ে (Wild boar menace at Kaliabor) । বনৰীয়া জীৱ-জন্তুৰ পৰা খেতিৰ শস্য সুৰক্ষা দিব নোৱাৰি অসহায় হৈ পৰিছে কলিয়াবৰৰ বহুকেইখন গাঁৱৰ বাসিন্দা । এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি বনৰীয়া ম'হৰ সন্ত্ৰাসে বিপদত পেলাইছে গাঁওবাসীক ।

ইফালে, ওদালগুৰিত চলিছে এটা বনৰীয়া গৰু(মেঠোন)ৰ উপদ্ৰৱ । ওদালগুৰিত চপনগাঁৱত মেঠোনটোৱে ভয়ানকভাৱে আক্ৰমণ কৰাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয় (Gaur attack in Udalguri) ৷ তৎকালীনভাৱে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ এই পৰ্যন্ত বনবিভাগে মেঠোনটোক ট্ৰেংকোলাইজ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উন্মুক্ত সীমান্তই অসমলৈ কঢ়িয়াই আনিছে ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.