ETV Bharat / city

নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত উত্তেজনাপূৰ্ণ পৰিস্থিতি - Congress training program in Nagaon

"বালিলৈ যি পাত সুগ্ৰীবলৈও একেই পাত" শনিবাৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে নগাঁৱত বিজেপিক সমালোচনা কৰি এইদৰে মন্তব্য় কৰে (Rockybul Hussain criticizes BJP in Nagaon) ৷

tense-situation-at-khagen-mahanta-auditorium-in-nagaon
নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত উত্তেজনাপূৰ্ণ পৰিস্থিতি
author img

By

Published : Feb 19, 2022, 6:44 PM IST

নগাঁও, 19 ফেব্ৰুৱাৰী : শনিবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ চলি থকাৰ মাজতে হঠাৎ প্ৰেক্ষাগৃহৰ সন্মুখত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation in front of Khagen Mahanta Auditorium) ৷ পথৰ কাষৰ পৰা কংগ্ৰেছৰ লগতে অগপ দলৰ বেনাৰ প’ষ্টাৰবোৰ আঁতৰোৱাক লৈ প্ৰেক্ষাগৃহৰ জিলা প্ৰশাসনৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় কংগ্ৰেছৰ নেতা কৰ্মীসকল ।

জানিব পৰা মতে, লোকনিৰ্মাণ বিভাগৰ পথৰ কাষত বেনাৰ, হৰ্ডিং আদি লগাই নগাঁও পৌৰসভা এলেকাত ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে ৷ পিছে প্ৰশিক্ষণ চলি থকাৰ সময়তে পথৰ কাষত থকা কংগ্ৰেছৰ বেনাৰ প'ষ্টাৰসমূহ জিলা প্ৰশাসনে আঁতৰাই দিয়ে । ইয়াকে লৈ ক্ষুন্ন হৈ পৰে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল ।

নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত উত্তেজনাপূৰ্ণ পৰিস্থিতি

জিলা প্ৰশাসনে পথৰ কাষৰ বেনাৰ প'ষ্টাৰ আঁতৰাই দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যুৱ কংগ্ৰেছৰ নেতা আজাহাৰ উদ্দিনে । বেনাৰ প'ষ্টাৰ আঁতৰোৱা জিলা প্ৰশাসনক ধিক্কাৰৰ লগতে গৰিহণা দিয়ে যুৱ কংগ্ৰেছ নেতাগৰাকীয়ে । ইফালে নিজৰ ভাষণত জিলা প্ৰশাসনক আদৰণি জনায় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । অৱশ্যে বিজেপি চৰকাৰক "বালিলৈ যি পাত সুগ্ৰীবলৈও একেই পাত" বুলি সমালোচনাত মুখৰ হৈ এইদৰে মন্তব্য দিয়ে ৰকিবুল হুছেইনে (Rockybul Hussain criticizes BJP in Nagaon) ৷

পিনে নগাঁও পৌৰসভা নিৰ্বাচনক লৈ নিৰ্বাচনী আচৰণ বিধি বলৱত হৈ থকা বাবেই চৰকাৰী পথৰ কাষৰ পৰা ৰাজনৈতিক দলৰ বেনাৰ প'ষ্টাৰ আঁতৰোৱা হৈছে বুলি মন্তব্য কৰে আৰক্ষী প্ৰশাসনে । লগতে পথৰ কাষৰ পৰা কংগ্ৰেছৰ লগতে অগপ দলৰ বেনাৰ প'ষ্টাৰো ফ্লায়িং স্কোৱাডৰ দলে আঁতৰোৱা বুলি মন্তব্য কৰে আৰক্ষী বিষয়াই ।

লগতে পঢ়ক : বিজেপি, কংগ্ৰেছ নে আপ ? থোৰতে পঞ্জাৱৰ নিৰ্বাচনী সমীকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.