কলিয়াবৰ,21 মে': নগাঁও জিলাৰ কলিয়াবৰত কৰ’ণা মহামাৰীয়ে লৈছে ভয়ংকৰ ৰূপ ৷ কলিয়াবৰৰ বিভিন্ন অঞ্চলত কৰ’ণাৰ গণ সংক্ৰমণ আৰম্ভ হৈছে ৷ এতিয়ালৈকে কলিয়াবৰত ঘোষণা কৰা হৈছে চাৰিটাকৈ কণ্টেইনমেণ্ট জ'ন । এই পৰ্যন্ত কলিয়াবৰত কৰ‘ণাত আক্ৰান্ত হৈ চাৰিজনকৈ ব্যক্তিয়ে মৃত্যুক সাৱটি ল’বলগা হৈছে ৷ কলিয়াবৰত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈছে ৭৮২ গৰাকীকৈ ব্যক্তি ।
বৃহস্পতিবাৰৰ দিনটোত কৰ‘ণাত আক্ৰান্ত হৈছে ৯৪ গৰাকীকৈ ব্যক্তি ৷ তাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩৫৮ গৰাকী ৰোগী । কলিয়াবৰত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৪২৪ গৰাকী ৷ বৰ্তমান কলিয়াবৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১২২ জন ৰোগী । ইয়াৰে 302 গৰাকী আক্ৰান্তক হোম আইচ’লেচনত ৰাখিছে স্বাস্থ্য বিভাগে ৷
কলিয়াবৰৰ তেলিয়া গাঁৱত বৃহস্পতিবাৰে ৭ জনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই গাঁওখনক চতুৰ্থটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে । ইয়াৰ পূৰ্বে চুলুঙৰ গেমন ইণ্ডিয়াৰ আৱাসিক অঞ্চল, জাৱনি গাঁও আৰু ননৈ চাহ বাগিচাৰ ১ নং লাইনক কণ্টেইনমেণ্ট জ'ন ৰূপে ঘোষণা কৰা হৈছিল ৷
লগতে পঢ়ক: নাহৰকটীয়াত ক’ভিড যোদ্ধাক সম্বৰ্ধনা