ETV Bharat / city

বঢ়মপুৰত 15 দিনীয়া ক্ৰীড়া প্ৰশিক্ষণৰ সফল সমাপ্তি - Sports Events at Kaampur ended

কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা 15 দিনীয়া ক্ৰীড়া প্ৰশিক্ষণৰ আজি সফল সমাপ্তি হয় ।

বঢ়মপুৰত 15 দিনীয়া ক্ৰীড়া প্ৰশিক্ষণৰ সফল সমাপ্তি

author img

By

Published : Nov 18, 2020, 12:00 PM IST

বঢ়মপুৰ, 18 নবেম্বৰ : কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা 15 দিনীয়া ক্ৰীড়া প্ৰশিক্ষণৰ সফল সমাপ্তি হয় । কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম অলিম্পিক সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ জিতু গোস্বামী, হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস, নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱা আৰু ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা কৃষাণ মৰ্চাৰ উপ সভাপতি উত্তম চন্দ্ৰ দাসকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি । সামৰণি অনুষ্ঠানত কেইবাটাও আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰে প্ৰশিক্ষাৰ্থীসকলে । আয়োজক সকলে কামপুৰত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে । তাৰ লগতে 20 নবেম্বৰৰ পৰা পুনৰ প্ৰশিক্ষণ আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ।

বঢ়মপুৰত 15 দিনীয়া ক্ৰীড়া প্ৰশিক্ষণৰ সফল সমাপ্তি

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত অচলাৱস্থাঃ পথ অৱৰোধেৰে প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.