ETV Bharat / city

নগাঁৱত অবৈধ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ; আটক এজন - ম্যানমাৰৰ চেগুণ কাঠ

মধ্য অসমৰ মাজেৰে চলি আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ(Illegal wood seized at Nagaon) । নগাঁও আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহিছে চোৰাং কাঠ সৰবৰাহৰ তথ্য । নগাঁৱৰ বেবেজীয়াৰ পৰা জব্দ প্ৰায় ২০ লক্ষাধিক টকাৰ ম্যানমাৰৰ চেগুন কাঠ ।

smuggled-wood-laden-trucks-seized-in-nagaon
নগাঁৱত অবৈধ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
author img

By

Published : May 2, 2022, 2:21 PM IST

নগাঁও, 2 মে’ : নগাঁও বন বিভাগৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ লৈয়ে মধ্য অসমত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । কিন্তু বন বিভাগৰ নীৰৱতাৰ বিপৰীতে সষ্টম হৈ আছে নগাঁও আৰক্ষী । যাৰবাবে দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে প্ৰায় ২০ লক্ষাধিক টকাৰ ম্যানমাৰৰ চোৰাং চেগুণ ভৰ্তি কাঠ জব্দ কৰিবলৈ সক্ষম হয়(Illegal wood seized at Nagaon) ।

smuggled-wood-laden-trucks-seized-in-nagaon
নগাঁৱত অবৈধ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

নগাঁও আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই ২০ লক্ষাধিক টকাৰ চোৰাং চেগুণ কাঠ জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ বেবেজীয়াত অভিযান চলাই চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে(Smuggled wood laden trucks seized in nagaon) ৷ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজন লোককো আটক কৰে ৷

ডিমাপুৰৰ পৰা কলকাতালৈ ট্ৰাকখনত সৰবৰাহ কৰা হৈছিল ম্যানমাৰৰ চেগুণ কাঠখিনি । ট্ৰাকখনত হালধি বস্তাৰ তলত লুকুৱাই নিয়া হৈছিল কাঠখিনি । আৰক্ষীৰ দলটোৱে আটক কৰে ট্ৰাকখনৰ চালক সুখদেৱ ৰামক । জব্দকৃত ট্ৰাকখনৰ নম্বৰ RJ 19 GG 8346 । চালক সুখদেৱ ৰামৰ ঘৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে ।

নগাঁৱত অবৈধ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যৰে সৰবৰাহকাৰীয়ে হালধি বস্তাৰ মাজত ২০ লক্ষাধিক টকাৰ মূল্যৱান কাঠখিনি লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল যদিও নগাঁও আৰক্ষীৰ বেহু ফালিবলৈ সক্ষম নহ’ল দলটো । এচাম দুষ্ট চক্ৰই নিতৌ ন ন কৌশল অৱলম্বন কৰি চোৰাং কাঠ সৰবৰাহৰ চেষ্টা কৰিছে যদিও প্ৰায় প্ৰত্যেকবাৰেই আৰক্ষীয়ে তেওঁলোকৰ সকলো ষড়যন্ত্ৰত পানী ঢালিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.