নগাঁও, 8 আগষ্ট : ৰাজ্যত গোপনে সক্ৰিয় হৈ পৰিছে নাৰী দেহ ব্যৱসায়ী চক্ৰ (women trafficking) । সংস্থাপন দিয়াৰ নামত অসমৰ মহিলাক বিক্ৰী কৰে বহিঃৰাজ্যত । সম্প্ৰতি পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ তথ্য । নগাঁৱত (NAGAON) শনিবাৰে নগাঁও আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে নাৰীদেহ ব্যৱসায়ী চক্ৰ ৷
এক গোপন খবৰৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰি, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ এটা ঘৰত উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে উৎখাত কৰিবলৈ সক্ষম হয় নাৰী দেহ ব্যৱসায়ী চক্ৰটোক ৷ মহিলা আৰক্ষী বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত চলা এই অভিযানত এজন যুৱকৰ সৈতে তিনিগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷
লগতে পঢ়ক: অসংযত অৱস্থাত মুছলপুৰত দুগৰাকী যুৱতীসহ দুজন যুৱক
লগতে আৰক্ষীৰ দলটোৱে নাৰী দেহ ব্যৱসায়ী চক্ৰটোৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এগৰাকী মহিলাই নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা দেহ ব্যৱসায় চলাই আহিছিল ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইফালে নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে সৰৱ হৈছে নগাঁও আৰক্ষী ।
পূৰ্বতেও নগাঁৱৰ বিভিন্ন স্থানত নগাঁও আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছিল নাৰী দেহ ব্যৱসায়ী চক্ৰৰ ঘাটি ৷ শনিবাৰে নাৰী দেহ ব্যৱসায়ীৰ লগত জড়িত আটকধীন তিনিগৰাকী মহিলা আৰু যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায়