ETV Bharat / city

ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

author img

By

Published : Sep 16, 2022, 6:38 PM IST

নগাঁৱত ইউনিফৰ্মৰ নামত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি (School uniform scam)। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ইউনিফৰ্মৰ ধন আত্মসাতৰ অভিযোগ । একাউণ্টৰ পৰা ধন মোকলাই নিয়াৰ পিছতো বিগত তিনি বছৰে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা নাই ইউনিফৰ্ম ।

school-uniform-scam-in-nagaon
প্ৰধান শিক্ষকৰ বিৰুদ্ধে ইউনিফৰ্মৰ ধন আত্মসাতৰ অভিযোগ

নগাঁও, 16 ছেপ্টেম্বৰ: ৰাজ্যত সম্প্ৰতি সকলোতে কেৱল দুৰ্নীতিৰ পয়োভৰ দেখা গৈছে ৷ শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা ইউনিফৰ্মৰ নামতো নগাঁৱত চলিছে কমিচনৰ এক বৃহৎ বজাৰ । ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা ইউনিফৰ্মো যেন এতিয়া একাংশৰ বাবে হৈ পৰিছে ধন ঘটাৰ অন্যতম সুবিধা ।

নগাঁও চহৰৰ সমীপৰ সোনাইপাৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীক ইউনিফৰ্ম প্ৰদানৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (School uniform scam) । ইউনিফৰ্ম নামত বিগত ২০১৯ বৰ্ষত ১,০৬,৮০০ আৰু ২০২১ বর্ষত ১১,০৪,০০ ইউনিফৰ্মৰ নামত অহা ধন বেংকৰ পৰা ধন মোকলাই নিয়া হৈছিল যদিও আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হোৱা নাই ইউনিফৰ্ম ৷

ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

এইদৰে বেংক একাউণ্টৰ পৰা ধন মোকলাই নিয়াৰ পিছতো বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক ইউনিফৰ্মৰ পৰা বঞ্চিত কৰা কাৰ্যই সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত । আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে 2019বৰ্ষৰ পৰা ইউনিফৰ্মৰ নামত বৃহৎ পৰিমাণৰ ধন মোকলাই নিয়াৰ পিছতো তিনি বছৰে ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰেই একাংশ শিক্ষক-শিক্ষয়িত্ৰী ৷

প্ৰধান শিক্ষক হবিবুৰ ৰহমানে ইউনিফৰ্ম যোগান সম্পৰ্কত খেলিমেলি হোৱাৰ কথা অকপটে স্বীকাৰ কৰিছিল (Allegation against Headmaster) ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ কৰ্মৰত তেওঁৰেই সহযোগী এগৰাকী শিক্ষয়ত্ৰীয়ে প্ৰধান শিক্ষকে ইউনিফৰ্মৰ নামত সংঘটিত কৰা দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছিল ।

তাৰ পৰৱৰ্তী সময়ত ইউনিফৰ্ম প্ৰদানৰ নামত নিজে এই বৃহৎ ধন আত্মসাৎ কৰা বুলি সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷ এতিয়া এই সকল দুৰ্নীতিগ্ৰস্ত শিক্ষকৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু নগাঁৱৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: প্ৰসংগ জয়মালা: তামিলনাডু চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.