ETV Bharat / city

Anundoram Borooah Award 2022: আনন্দৰাম বৰুৱা বঁটাৰ নামতো হৈছে নেকি কেলেংকাৰী?

author img

By

Published : Jul 31, 2022, 8:54 PM IST

ধিঙত আনন্দৰাম বৰুৱা বঁটাৰ ওপৰত দুষ্ট চক্রৰ চকু(Scam in Anundoram Borooah Award) । বঁটাৰ বাবে আবেদন কৰিবলৈ গৈ বিপাঙত ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰীৰ সলনি দুষ্ট চক্রই কৰিলে আবেদন ৷ ধিং আৰক্ষীক এজাহাৰ দাখিল ।

Anundoram Borooah Award 2022
আনন্দৰাম বঁটাৰ নামতো হৈছে নেকি কেলেংকাৰী?

ধিং, 31 জুলাই : অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে ৫ জুলাইত "আনন্দৰাম বৰুৱা বঁটা"ৰ ক্ষেত্রত লৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত(Scam in Anundoram Borooah Award) । বিগত বৰ্ষসমূহত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছিল আনন্দৰাম বঁটাৰ লগতে ডেক্সটপ আৰু পিছত লেপটপ । কিন্তু এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যিক কেবিনেটত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ১৬,০০০ কৈ টকা প্ৰদান কৰাৰ সিদ্ধান্ত লয়(Anundoram Borooah Award 2022) ৷

অভিযোগকাৰী

কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল যে ছাত্ৰ-ছাত্ৰীসকলে ৩১ জুলাইৰ ভিতৰত অনলাইনযোগে এই বঁটাৰ বাবে আবেদন কৰিব লাগিব । কিন্তু এই অনলাইন আবেদনেই যে এই বঁটাৰ পৰা শ শ শিক্ষাৰ্থীক বঞ্চিত কৰিলে সেয়া স্পষ্ট হৈ পৰিল । এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ধিঙত । বটদ্ৰৱা শিক্ষাখণ্ডৰ(Batadrava Education Block) অন্তৰ্গত ধূপগুৰিৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত দুষ্ট চক্রই অন্য একাউন্ট নম্বৰৰ জৰিয়তে কৰিছে আবেদন ।

Anundoram Borooah Award 2022
আনন্দৰাম বঁটাৰ নামতো হৈছে নেকি কেলেংকাৰী

এতিয়া এই বঁটাৰ বাবে আবেদন কৰিবলৈ গৈ এতিয়া বিপাঙত পৰিছে ধূপগুৰিৰ বহু ছাত্ৰ-ছাত্ৰী । যিহেতুকে এই আবেদনৰ বাবে 31 জুলাই অন্তিম তাৰিখ আৰু এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই এইসকল ছাত্ৰ-ছাত্ৰীয়ে ধিং আৰক্ষীক এখন এজাহাৰ দাখিল কৰে ৷ তেওঁলোকে সমান্তৰালভাৱে মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীকো তেওঁলোকৰ বঁটা প্ৰদানৰ বাবে দাবী জনাইছে ।

ছাত্ৰ-ছাত্ৰীৰ অভিযোগ, এই সমগ্র ঘটনাটোৰ লগত জড়িত আছে চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে বেছামাৰী ষ্টেট বেংক শাখাৰ এখন CSP ৰ স্বত্বাধিকাৰী আৰু এটা দুষ্ট চক্র । এই জালিয়াতিৰ মূল নায়ক CSP ৰ স্বত্বাধিকাৰীক তদন্তৰ আওতালৈ আনিলেই সকলো কাহিনী ওলাই পৰাৰ আশা কৰা হৈছে । দুষ্ট চক্রই বেলেগ বেলেগ নামৰ একাউন্ট নম্বৰৰ জড়িয়তে কেনেকৈ কৰিব পাৰিলে এই আবেদন ?

বঁটাৰ পৰা বঞ্চিত হ’ব নেকি এইসকল ছাত্ৰ-ছাত্ৰী ? কোন দুষ্ট চক্রই সংঘটিত কৰিলে এই জালিয়াতিৰ ঘটনা ? চৰকাৰ-প্ৰশাসনে বিচাৰি উলিয়াব পাৰিব নে এই দুষ্টচক্ৰক । নে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত অনুৰূপ কেলেংকাৰী এই বঁটাৰ নামতো চলি থাকিব সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Assam CM on Jihadi: অভিযোগ পালেই মাদ্ৰাছাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.