ETV Bharat / city

1 মাৰ্চৰ পৰা পুনৰ মুকলি হ’ব ৰহাৰ টোল গেট

author img

By

Published : Feb 29, 2020, 8:45 PM IST

1 মাৰ্চৰ পৰা ৰহা পাৰ হ’লে দিব লাগিব টোল । 1 মাৰ্চৰ পৰা মুকলি হ’ব ৰহা টোল গেট । কি কি বাহনে দিব নালাগে টোল ? টোল সংগ্ৰহৰ ক্ষেত্ৰত কি সিদ্ধান্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু চৰকাৰৰ ? প্ৰতিবাদৰ হুংকাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।

Roha Toll Gate re open from 1 March, 1 মাৰ্চৰ পৰা পুনৰ মুকলি হ’ব ৰহা টোল গেট
1 মাৰ্চৰ পৰা পুনৰ মুকলি হ’ব ৰহা টোল গেট

নগাঁও, 29 ফেব্ৰুৱাৰীঃ 1 মাৰ্চৰ পৰা পুনৰ কাৰ্যকৰী হ’ব ৰহা টোলগেট । বিভিন্ন মহলৰ দাবীৰ পাচত দীৰ্ঘদিন বন্ধ হৈ থকাৰ পাচত পুনৰ মুকলি কৰা হ’ব ৰহা টোল গেট । 1 মাৰ্চ অৰ্থাৎ দেওবাৰৰ পুৱা ৮ বজাৰ পৰা ৰহা টোল গেট মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু চৰকাৰে । অৱশ্যে টোল সংগ্ৰহৰ ক্ষেত্ৰত কিছু নতুন নীতি নিৰ্ধাৰণ কৰা বুলি জানিব পৰা গৈছে ।

1 মাৰ্চৰ পৰা পুনৰ মুকলি হ’ব ৰহা টোল গেট

নগাঁৱৰ ব্যক্তিগত বাহন সমূহ বৰ্তমান দিব নালাগে টোল । ইয়াৰ বিপৰীতে কেৱল ব্যৱসায়িক গাড়ীসমূহৰ পৰা হে সংগ্ৰহ কৰা হ’ব টোল । অৱশ্যে পৰৱৰ্তী সময়ত ব্যক্তিগত বাহনৰ পৰা কি হাৰত টোল সংগ্ৰহ কৰিব পৰৱৰ্তী সময়ত সেইয়া আলোচনা মৰ্মে গ্ৰহণ কৰা হ’ব সিদ্ধান্ত ।

ৰহাৰ টোলগেট অবৈধভাৱে স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেবাটাও সংগঠনে পূৰ্বে সাব্যস্ত কৰিছিল প্ৰতিবাদ । যাৰ ফলত 2015 চনতে স্থাপন কৰা ৰহা টোল গেট দুবাৰকৈ মুকলি কৰিছিল যদিও সংগঠনৰ প্ৰতিবাদত বন্ধ ৰাখিবলগীয়া হৈছিল টোল গেটখন । কিন্তু পুনৰ তৃতীয়বাৰৰ বাবে কাইলৈৰ পৰা ৰহা টোল গেটত টোল সংগ্ৰহ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

ইপিনে ৰহা টোল গেটত টোল সংগ্ৰহ কৰিলে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । শনিবাৰে সংঠনটোৱে জিলা উপায়ুক্তক এখনি স্মৰকপত্ৰও প্ৰদান কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.