নগাঁও, 14 ছেপ্তেম্বৰ : নতুন আঞ্চলিক ৰাজনৈতিক দলক শুভেচ্ছা জ্ঞাপন প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ । সোমবাৰে ঘোষিত ৰাজ্যৰ নতুন আঞ্চলিক ৰাজনৈতিক দলক শুভেচ্ছা জ্ঞাপন কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ।
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'বলগীয়া আঞ্চলিক ৰাজনৈতিক দলটো গঠন হ'ল পৰামৰ্শদাতা সমিতিত পৰামৰ্শ মতেই । অসম জাতীয় পৰিষদ নামেৰে গঠন হোৱা ৰাজনৈতিক দলটোক শুভেচ্ছা জ্ঞাপন কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য । অসমৰ বহু সমস্যাক লৈ দীৰ্ঘদিনৰ পৰাই মাত মাতি আহিছে সংগঠন দুটাই । সংগঠন দুটাৰে বিভিন্ন ক্ষেত্ৰত কংগ্ৰেছৰ অমিল আছে যদিও শেহতীয়াকৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাই আমাৰ লক্ষ্য বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক : বিশেষ চিকিউৰিটী ফৰ্চ গঠন যোগী চৰকাৰৰ, থাকিব ৱাৰেন্ট অবিহনেই গ্ৰেপ্তাৰৰ ক্ষমতা