ETV Bharat / city

চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মাণক লৈ আটছাৰ প্ৰতিক্ৰিয়া - Tea Garden Hotel Project in Assam

শেহতীয়াকৈ হোৱা কেবিনেটৰ বৈঠকত গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা আৰু নগাঁও জিলাৰ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ ভূমিত তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ সিদ্ধান্তৰ পিছতে সষ্টম হৈছে চাহ বাগান কৰ্তৃপক্ষ আৰু স্থানীয় দল সংগঠনসমূহ (Tea Garden Hotel Project in Golaghat) ৷ এই সিদ্ধান্তক লৈ স্পষ্টীকৰণ দিয়ে আটছা প্ৰতিনিধিয়ে (ATTSA React on Tea Garden Hotel Project) ৷

Reaction on Tea Garden Hotel Project in Assam

author img

By

Published : Aug 20, 2022, 10:02 PM IST

কলিয়াবৰ, 20 আগষ্ট: "এই বিষয় লৈ কেবিনেটে যি সিদ্ধান্ত লৈছে এই উন্নয়নৰ ক্ষেত্ৰত আটছাই কোনো বিৰোধ কৰা নাই ৷ আমাৰ যিসমূহ বাগিচা আছে এই বাগিছাসমূহ উচ্ছেদ কৰি যদি উন্নয়ন আৰু কোনোধৰণৰ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰে তেনেহ’লে আমি ইয়াত বাধা প্ৰদান কৰিম ৷ গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা আৰু নগাঁও জিলাৰ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মানৰ প্ৰকল্পক আমি আদৰণি জনাইছো ৷ কিন্তু আমি পুনৰ কৈছো যে যাতে চাহ বাগিচাসমূহ উচ্ছেদ কৰি এই প্ৰকল্পসমূহ নিৰ্মাণ হ’ব নোৱাৰিব"৷ ৰাজ্যৰ দুখনকৈ চাহ বাগিচাত বিলাসী হোটেল নিৰ্মাণৰ সিদ্ধান্তক লৈ স্পষ্টীকৰণ দিছে আটছা প্ৰতিনিধিয়ে (ATTSA React on Tea Garden Hotel Project) ৷

চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মাণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আটছাৰ

শেহতীয়াকৈ হোৱা কেবিনেট বৈঠকত গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা আৰু নগাঁও জিলাৰ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ ভূমিত তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা সিদ্ধান্তৰ পিছতে সষ্টম হৈছে চাহ বাগান কৰ্তৃপক্ষ আৰু স্থানীয় দল সংগঠনসমূহ (Tea Garden Hotel Project in Golaghat) ৷ এই সিদ্ধান্ত অনুসৰি বাগিচাৰ মালিকৰ পৰা ভূমি লৈ ইণ্ডিয়ান হোটেল কোম্পেনী লিমিটেড (IHCL)ক হস্তান্তৰ কৰিব চৰকাৰে (Tea Garden Hotel Project in Assam ) ৷

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ কৰ্তৃপক্ষই (Tea Garden Hotel Project at Kaliabor) ৷ কেলিডেন চাহ বাগিচাৰ মিছা শাখাত অৱস্থিত প'ল' ক্লাবৰ সমীপতে হোটেল নিৰ্মাণৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে স্থান ঠিৰাং হোৱা নাই বুলি সদৰী কৰে কেলিডেন চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক ৰাজশেখৰ দত্তই ৷

অৱশ্যে IHCL কৰ্তৃপক্ষই বাগিচাখনৰ কেইবাস্থানতো তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে ভূমিৰ জৰীপ চলোৱা বুলি প্ৰকাশ কৰিছে বাগিচাৰ পৰিচালক গৰাকীয়ে ৷ বাগিচাত নিৰ্মাণ হ'বলগীয়া এই তাৰকাযুক্ত হোটেলে অসমৰ পৰ্যটন উদ্যোগৰ লগতে চাহ পৰ্যটনলৈও সোণালী দিন কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে দত্তই ৷

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ চাওক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.