ETV Bharat / city

জেহাদীৰ লিংক থকা বুলি কোৱাসকলকো তদন্তৰ আওতাত অনাৰ দাবী ৰকিবুল হুছেইনৰ

author img

By

Published : May 28, 2022, 7:53 PM IST

"জেহাদী লিংক থকা বুলি কোৱাসকলো আহিব লাগে তদন্তৰ আওতাত" ৷ বটদ্ৰৱা আৰক্ষী থানা দুৰ্বৃত্তই জ্বলোৱা ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰকিবুল হুছেইনে (Rakibul Hussain reacts on batadrava incident in Nagaon) ৷ থানা জ্বলাই দিয়া ঘটনাৰ সমান্তৰালকৈ অভিযুক্তৰ বাসগৃহ ভাঙি দিয়া ঘটনাৰো ন্যায় লাগে বুলি মন্তব্য কৰে বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে ।

Rakibul Hussain reacts on batadrava incident in Nagaon
জেহাদীৰ লিংক থকা বুলি কোৱাসকলকো তদন্তৰ আওতাত অনাৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁও, 28 মে’: "জেহাদী লিংক থকা বুলি কোৱাসকলো আহিব লাগে তদন্তৰ আওতাত" ৷এইদৰে বটদ্ৰৱা আৰক্ষী থানা দুৰ্বৃত্তই জ্বলোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰকিবুল হুছেইনে ৷ শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ বটদ্ৰৱা কাণ্ডৰ বুজ লয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে (Rakibul Hussain reacts on batadrava incident in Nagaon) ।

ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানা দুৰ্বৃত্তই জ্বলোৱাৰ পাছতেই এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Police station burnt by miscreants in Batdraba) ৷ থানা জ্বলাই দিয়া ঘটনাৰ সমান্তৰালকৈ অভিযুক্তৰ বাসগৃহ ভাঙি দিয়া ঘটনাৰো ন্যায় লাগে বুলি মন্তব্য কৰে বিৰোধী দলৰ উপ দলপতিগৰাকীয়ে । অভিযুক্তৰ বাসগৃহ জ্বলাই দিয়া ঘটনাৰ বিচাৰ নেদেখাজনে কৰিব বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

লগতে বটদ্ৰৱাত সংঘটিত হোৱা যুৱকৰ মৃত্যু, আৰক্ষী থানা আক্ৰমণ আৰু অভিযুক্তৰ বাসগৃহ উচ্ছেদ এই সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী কৰে বিৰোধী দলৰ উপ দলপতিগৰাকীয়ে । তাৰোপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ নেতৃত্বত এই ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনায় ৰকিবুল হুছেইনে ৷

ইফালে, 26মে’ৰ নিশা বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নি সংযোগৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Police arrested main accused in Batadrava case) ৷ দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ পৰা দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আল্লাউদ্দিনক ৷

লগতে বহু অপৰাধীয়ে আৰক্ষী থানাত থকা পূৰ্বৰ অপৰাধৰ প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেই আৰক্ষী থানাখন পৰিকল্পিতভাৱে জ্বলাই দিছিল বুলি এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী বিষয়াই শুকুৰবাৰে এক সংবাদমেলযোগে জানিব দিছিল ৷ উল্লেখ্য যে, বিগত শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই জ্বলি ছাঁইত পৰিণত হৈছিল নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা (Public burnt Batadrava police station) ৷

তাৰ পিছতেই বুলড'জাৰৰ সহায়ত ভাঙি-চূৰমাৰ কৰি দিয়া হৈছিল আৰক্ষী থানা আক্ৰমণত জড়িত অভিযুক্তৰ কেইবাটাও বাসগৃহ (Bratadava eviction) ৷ ঘটনাৰ তদন্ত কৰিবলৈ বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ বিশেষ তদন্তকাৰী দল চমুকৈ SIT গঠনৰ কথা উল্লেখ কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (SIT formed for Batadrava case) ৷

নগাঁও আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা বিশেষ তদন্তকাৰী দলে তীব্ৰ গতিত আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

লগতে পঢ়ক : প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.