নগাঁও, 12 মে’: নগাঁৱৰ সমীপবৰ্তী ছোটহয়বৰত বুধবাৰে নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড (Massive fire in Nagaon) । অগ্নিকাণ্ডৰ ফলত চাৰিটা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰৰ সকলো সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় ।
জানিব পৰা মতে, নিশা প্ৰায় 12 মান বজাত পৰিয়ালটোৰ এঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় ৷ নিমিষতে জুইৰ লেলিহান শিখাই আব্দুল মতিন,আব্দুল লতিফ, আব্দুল হানিফ, হালিম খাতুনৰ চাৰিটাকৈ বাসগৃহ ছানি ধৰে । এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হুৱা-দুৱা লাগে সমগ্ৰ অঞ্চলটোত ।
এই অগ্নিকাণ্ডৰ ফলত ঘৰকেইটাত থকা 7 টাকৈ ছাগলী, হাঁহ-কুকুৰা সকলো জীৱন্তে অগ্নিদগ্ধ হয় । অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত পৰিয়ালৰ চাৰিটাৰ শিশু সহ 13 জন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে । অগ্নিকাণ্ডটোৰ ফলত পৰিয়াল কেইটাৰ মুঠ 50 লাখ টকাৰ সা- সম্পত্তি ক্ষতি সাধন হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ত্ৰিপুৰাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ আবেদনৰ জোৱাৰ