ETV Bharat / city

ৰাজ্যজুৰি ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি

ঠায়ে ঠায়ে বিহু নৃত্যৰ কৰ্মশালাৰ সমান্তৰালকৈ ভিন্ন স্থানত চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি

ৰাজ্যজুৰি ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি
author img

By

Published : Apr 12, 2019, 8:27 AM IST

কলিয়াবৰ, 12 এপ্ৰিল : দুৱাৰডলিত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ ৰঙালীক লৈ ৰাজ্যৰ ঠায়ে ঠায়ে পাৰভঙা উচাহ ৷ ঢোল, পেঁপা, গগনাৰ মাতত ৰজনজনাইছে চৌদিশ ৷ নিৰ্বাচনৰ প্ৰচাৰ আৰু ব্যস্ততাৰ মাজতে বিহুটিৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো চলিছে বিহু নৃত্যৰ কৰ্মশালা ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কুঁৱৰীটোল গান্ধী পথাৰত চলিছে বিহু নৃত্যৰ কৰ্মশালা ৷ শিশুৰ পৰা যুৱতীলৈ প্ৰায় তিনি শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত ৷

ৰাজ্যজুৰি ৰঙালীক লৈ ব্যাপক প্ৰস্তুতি

ইপিনে হাটবৰতো অহা 2 ব’হাগত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। ইতিমধ্যে হাটবৰ নাট্য সমাজ প্ৰাংগনত বিহু উদ্‌যাপন সমিতিৰ উদ্যোগত 1 এপ্ৰিলৰ পৰা চলি আছে বিহু নৃত্যৰ কৰ্মশালা ৷ এনেদৰেই কলিয়াবৰৰ জখলাবন্ধা, শিলঘাট, নলতলি, মিছা আদি ভিন্ন ঠাইত প্ৰস্তুতি চলিছে ৰঙালী বিহুৰ ৷

Intro:কলিয়াবৰত ৰঙালী বিহু
বিহু নৃত‍্যৰ কৰ্মশালা, ৰঙালী বিহু উদ্‌যাপনৰ ব‍্যৱস্থা
কলিয়াবৰ মহকুমাৰ বিভিন্ন স্থানত লোক সভা নিৰ্বাচনৰ প্ৰচাৰ আৰু ব‍্যস্ততাৰ মাজতো হেঁপাহৰ ৰঙালী বিহু আয়োজনৰ প্ৰস্তুতি দেখা গৈছে।Body:কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত অহা বিগত বছৰ সমূহৰ দৰে ১ বহাগত কুঁৱৰীটোল স্থিত শ্বহীদ স্তম্ভ প্ৰাঙ্গনত অনুষ্ঠিত হ'ব। সেই উদ্দেশ‍্যে কুঁৱৰীটোল গান্ধী পথাৰ বিহু নৃত‍্যৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছে। য'ত ভাগ লৈছে প্ৰায় তিনি শতাধিক নাচনী।
হাটবৰতো কেন্দ্ৰীয়ভাবে অহা ২ বহাগত ৰঙালী বিহু আয়োজন কৰা হৈছে। ইতিমধ‍্যে হাটবৰ নাট‍্য সমাজ প্ৰাঙ্গনত বিহু উদ্‌যাপন সমিতিৰ ব‍্যৱস্থাপনাত বিহু নৃত‍্য কৰ্মশালা যোৱা ১ এপ্ৰিলৰ পৰা চলি আছে। কলিয়াবৰৰ জখলাবন্ধা, শিলঘাট, নলতলি, মিছা আদি ঠাইতো ৰঙালী বিহু আয়োজনৰ প্ৰস্তুতি চলি আছে।Conclusion:Visuals/Bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.