ETV Bharat / city

ঘোচ দি হেণ্ডকাফ পিন্ধিলে আৰক্ষী বিষয়াই

author img

By

Published : Jun 2, 2022, 3:59 PM IST

নগাঁও আৰক্ষীৰ জালত এইবাৰ আৰক্ষী বিষয়া। পষ্টিঙৰ বাবে উৎকোচ দিবলৈ গৈ আটক হ’ল এগৰাকী আৰক্ষী বিষয়া (Police arrested police officer in Nagaon) ৷ এই ঘটনা নগাঁৱৰ ৷ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

police-arrested-police-officer-in-nagaon
ঘোচ দি হেণ্ডকাফ পিন্ধিলে আৰক্ষী বিষয়াই

নগাঁও, 2 জুন: "কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল ৷" চোৰ-ডকাইতলে বুলি থানাত ওলোমাই থোৱা হেণ্ডকাফডাল যদি এজন আৰক্ষীয়ে পিন্ধিব লগা হয় কেনে দেখিব বাৰু ! কেতিয়াবা চিনেমাত অৱশ্যে তেনে ঘটনা দেখা যায় ৷ এইবাৰ বাস্তৱতে ঘটিলে এই ঘটনা ৷

নগাঁৱত আৰক্ষীয়ে আৰক্ষীৰ হাতত লগালে হেণ্ডকাফ (One police officer in Nagaon police trap) ৷ পোষ্টিঙৰ বাবে উৎকোচ দিবলৈ গৈ আটক হ’ল এগৰাকী আৰক্ষী বিষয়া ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে আৰক্ষী থানাত পোষ্টিং বিচাৰি উৎকোচ দিবলৈ গৈ নগাঁও আৰক্ষীৰ হাতত আটক হয় সহকাৰী উপ-পৰিদৰ্শক আব্দুল মোতালিব (ASI Abdul Matalib) নামৰ আৰক্ষী বিষয়াজন (Police arrested police officer in Nagaon) ৷

ঘোচ দি হেণ্ডকাফ পিন্ধিলে আৰক্ষী বিষয়াই

দীৰ্ঘদিন ধৰি ৰিজাৰ্ভ ক্ল'জ হৈ থকা মোতালিবে আৰক্ষী থানাত পোষ্টিং বিচাৰি অনুৰোধ কৰিছিল উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদীপ কুম্বাঙক (DSP Trideep Kumbang) ৷ প'ষ্টিং দিয়াৰ বাবে উপ-আৰক্ষী অধীক্ষকগৰাকীক 10 হাজাৰ টকাৰ উৎকোচ দিয়াৰো চেষ্টা কৰিছিল সহকাৰী উপ-পৰিদৰ্শক আব্দুল মোতালিবে (Police officer Abdul Motalib has been arrested) ।

লগে লগে আব্দুল মোতালিবৰ বিৰুদ্ধে উৎকোচ দিয়াৰ অভিযোগত এক গোচৰ ৰুজু কৰে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ এই এজাহাৰৰ ভিত্তিত সহকাৰী উপ-পৰিদৰ্শক আব্দুল মোতালিবক আটক কৰি সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ পদবীত আন এগৰাকী অসম সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.