ETV Bharat / city

২ নং বৰঘূলীত পানী যোগান আঁচনিৰ নামত ভেঁকো-ভাৱনা - kaliabor

আঁচনিৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ নামত ৰাইজক ধন দাবীৰ অভিযোগ কাৰ্যালয়টোৰ তদাৰকৰ দায়িত্বত থকা হাছেন আলিৰ বিৰুদ্ধে ৷

ETV BHARAT
author img

By

Published : May 17, 2019, 4:19 AM IST

কলিয়াবৰ, 17 মে’: বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে কলিয়াবৰ বিধানসভা সমষ্টিৰ ২ নং বৰঘূলী অঞ্চল ৷ বাৰিষাৰ বানৰ ফলত প্ৰতি বছৰে বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ পৰাও সদায়ে অৱহেলিত হৈ অহাৰ অভিযোগ অঞ্চলটোৰ স্থানীয় লোকসকলৰ ৷ উল্লেখযোগ্য যে, 2016 চনতে আৰম্ভ হোৱা 2নং বৰঘূলীৰ নদীৰপাৰ পানী যোগানৰ এটা আঁচনি ঠিক দুমাহৰ পাচতেই বিকল হৈ পৰে ৷ ৰাইজৰ অভিযোগ এই বিষয়ে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক কাণচোৱাৰ পাচতো আজি পৰ্যন্ত গা-লৰা নাই মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ৷

২ নং বৰঘূলীত পানী যোগান আঁচনিৰ নামত ভেঁকো-ভাৱনা

ইয়াৰোপৰিও, আশ্বৰ্যকৰ কথাটো এইয়ে যে, 2016 চনতে আৰম্ভ কৰা আঁচনিখনৰ পৰিসৰৰ ভিতৰত থকা অঞ্চলসমূহত আজি পৰ্যন্ত দেখা নগ’ল এটাও পানী টেপ ৷ ইফালে আঁচনিখনৰ কাৰ্যালয়টোৰো হাবি সদৃশ পৰিস্থিতি ৷ হাবি-জঙ্ঘলৰে আবৰি থকা কাৰ্যালয়টোৰ বাৰান্দা মল-মূত্ৰৰে ভৰি পৰিছে ৷ লগতে, ৰাইজৰ অভিযোগ পানী যোগান কেন্দ্ৰটো পুনৰ মেৰামতি কৰাৰ অনুৰোধ জনালে ৰাইজক দুহেজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে দাবী কৰে তদাৰকৰ দায়িত্বত থকা হাছেন আলিয়ে ৷

তাৰোপৰি, কেন্দ্ৰটোত সংযোগ কৰা ৪৪০ কিলোৱাটৰ বৈদ্যুতিক তাঁৰডাল স্থানীয় লোকৰ বাসগৃহৰ ওপৰেৰে অনাৰ ফলত শংকিত স্থানীয় ৰাইজ ৷ কিয়নো কিছুদিনৰ পূৰ্বেই উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ চিগি কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে নদীৰপাৰ গাঁৱৰ লোক । এই সমস্যাসমূহক বিষয়ে বাৰে বাৰে কৈ থকাৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই কাণষাৰ নিদিয়াৰ লগতে স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ নিৰাশজনক ভূমিকাৰ বাবেও ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

Intro:কলিয়াবৰত সংখ‍্যালঘূ অধ‍্যূষিত অঞ্চলত জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ পানী যোগানৰ নামত ভেকোঁ-ভাওনা

২০১৬ চনতে আৰম্ভ হোৱা ২ নং বৰঘূলীৰ নদীৰপাৰ পানী যোগান আঁচনিৰ বিধস্ত ৰূপ

হাবি-জঙ্ঘল, মল-মূত্ৰৰে ভৰি পৰিছে চৌ-পাশ

কাষৰীয়া অঞ্চলত নাই এটাও পানীৰ টেপ, টেঙ্কিত পানীৰ ঠাইত গজিছে গছBody:কলিয়াবৰ বিধান সভা সমষ্টিৰ ২ নং বৰঘূলী। ধৰ্মীয় সংখ‍্যালঘূ অঞ্চলটো বিভিন্ন সমস‍্যাৰে ভাৰাক্ৰান্ত। লুইতৰ বান আৰু গৰাখহনীয়াৰ প্ৰকোপত স্থানীয় ৰাইজ ত্ৰস্তমান। কিন্তু সু-দৃষ্টি নপৰে চৰকাৰৰ। ৰাজনেতিক দলৰ নেতা-দলাল, মধ‍্যভোগীৰ বাবেই এই অঞ্চলবোৰ বছৰ-বছৰ ধৰি পিচ পৰি আছে। চৰকাৰী বা ৰাজনৈতিক বঞ্চনা-প্ৰৱঞ্চনাৰ বলি হৈ আহিছে। তেনে এক প্ৰৱঞ্চনাৰ সাক্ষী ২ নং বৰঘূলী অঞ্চলৰ সম চৰকাৰৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ বৰঘূলী স্থিত নদীৰপাৰ পানী যোগান আঁচনি।
২০১৬ চনতে আৰম্ভ হোৱা বৰঘূলীৰ নদীৰপাৰ পানী যোগান আঁচনি বিকল হৈ পৰে আৰম্ভণীৰ দুমাহৰ পিচতেই। তেতিয়াৰে পৰা যোৱা তিনি বছৰে মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাণসাৰ নাই। পানী যোগান আঁচনিৰ কেন্দ্ৰটো এতিয়া হাবি-জঙ্ঘলৰে আবৰি থকাৰ লগতে মল-মূত্ৰৰে কেন্দ্ৰটোৰ কাৰ্য‍্যালয়গৃহৰ বাৰন্দা আৰু চৌ-পাশ, পানীৰ ঠাইত গজিছে গছ। তথাপিও বিভাগীয় কৈনো পদক্ষেপ আজিলৈকে চকুত নপৰিল। আচৰ্য‍্যজনক কথাটো হ'ল পানী যোগান আঁচনিৰ কাষৰীয়া গাঁওসমূহত দেখা নগ'ল এটাও সাৰ্বজনীক টেপ। পানীৰ বাবে টেপৰ কথা ক'লেই স্থানীয় বাসিন্দাৰ পৰা পানী যোগান কেন্দ্ৰটোৰ তদাৰৰ দায়িত্বত থকা হাছেন আলিয়ে দুহেজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে দাবী কৰে বুলি স্থানীয় ৰাইজৰ অভিযোগ। বিভাগীয় উৰ্দ্ধতন কৰ্তৃপক্ষৰো সমগ্ৰ বিষয়টোত নাই কোনো গুৰুত্ব। পানী যোগানৰ বাবে কোনো সংযোগৰ ব‍্যৱস্থা নকৰাকৈ দুমাহ কেৱল পানী পাম্প চলাই স্থানীয় অঞ্চলবাসীক আভূৱা ভাৰি থকা কাৰ্য‍্য ক্ষুব্ধ স্থানীয় ৰাইজ। তাৰোপৰি কেন্দ্ৰটোলৈ বিদ‍্যুৎ সংযোগী ৪৪০ কে. ভি.ৰ তাঁৰ স্থানীয় লোকৰ বাসগৃহৰ ওপৰদি অনাৰ ফলত স্থানীয় ৰাইজ শঙ্কিত। ইতিমধ‍্যে উচ্চ ক্ষমতাসম্পন্ন বিদ‍্যুতৰ তাঁৰ চিঙি কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে নদীৰপাৰ গাঁৱৰ লোক।
স্থানীয় অশিক্ষিত দুখীয়া-নিচলা সংখ‍্যালঘূ লোকসকলৰ উপকাৰত অহা প্ৰায় সকলো চৰকাৰী আঁচনি চৰকাৰৰ দুৰদৰ্শিতাৰ অভাৱত ভালুকৰ সাঙীত পৰিণত হয়। স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰো ভূমিকা নিৰাশজনক বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।Conclusion:Visuals/Bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.