কলিয়াবৰ, 28 জুনঃ নগাঁও জিলাৰ কলিয়াবৰৰ বেঙেনা আটিৰ এজন আৰক্ষী উপ-পৰিদৰ্শকৰ দিল্লীত মৃত্যু হয় ৷ মৃত আৰক্ষী বিষয়া জন হাৰিয়াণাৰ এইমচত চিকিৎসাধীন হৈ আছিল বুলি জানিব পৰা গৈছে ৷
কলিয়াবৰৰ বেঙেনাআটিৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল আনন্দ বসুমতাৰী নামৰ লোকজন ৷ আনন্দ বসুমতাৰীৰ দেওবাৰে পুৱা ১০ বজাত হাৰিয়ানাৰ এইমচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । কোভিড -১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে বসুমতাৰী ৷ দিল্লীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এগৰাকী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল আনন্দ বসুমতাৰী । স্বাৱ পৰীক্ষাৰ অন্তত যোৱা ১৩ জুনত বসুমতাৰীৰ কোভিড-19 ত আক্ৰান্ত হৈছিল বুলি ৰিপৰ্ট লাভ কৰিছিল আৰক্ষী বিষয়াজনে ।
লগতে পঢ়ক- কোকৰাঝাৰত মুণ্ডহীন মহিলাৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য