নঁগাও,22 মাৰ্চ: ৰাজ্য়ত সমাগত বিধানসভা নিৰ্বাচন । ৰাজ্যৰ মুঠ ৪৭ টা সমষ্টিৰ ভিতৰত নগাঁও জিলাৰ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । ভোট গ্ৰহণৰ পূৰ্বে নগাঁও জিলা প্ৰশাসনে জিলাখনৰ বিশেষ বিশেষ অঞ্চলত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে ।
উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত জিলা খনৰ যি সমূহ ভোট গ্ৰহণ কেন্দ্ৰত ভোট প্ৰদানৰ হাৰ তুলনামূলকভাৱে আন কেন্দ্ৰ সমূহতকৈ কম আছিল তেনে কেন্দ্ৰ সমূহৰ ভোটাৰ সমূহৰ মাজত ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে নগাঁও জিলা উপযুক্ত গৰাকীয়ে ।
![as_smg_nogaon-dc-campign-for-voting-among-voters_img_asc10079](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-smg-01-22mah-awareness-visbite-asc10079_22032021093527_2203f_1616385927_594.jpg)
সেই মৰ্মে পুৰণিগুদামৰ পানীগাঁও-পহুকটাত জিলা প্ৰশাসনৰ হৈ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুগৰাকী ভাৰপ্ৰাপ্ত বিষয়াসহ এটা দল উপস্থিত হৈ প্ৰত্যেক ভোটাৰ ঘৰলৈ গৈ প্ৰতিজনে বহুমূলীয়া ভোটটো প্ৰদান কৰি নিজৰ সাংবিধানক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনায় । লগতে সেই সকল লোকৰ বাবে নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰলৈ গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ আহ্বান জনাই জিলা উপায়ুক্ত গৰাকীয়ে প্ৰেৰণ কৰা একো একোখনকৈ পত্ৰও প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়া দুজনে ।
ইফালে যোৱা লোকসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ ভিতৰত তুলনামূলকভাৱে ৭০% তকৈ কম হাৰত ভোট প্ৰদানৰ ভিত্তিত বাচনি কৰি লোৱা সৰ্বমুঠ ১০টি কেন্দ্ৰত ভোট প্ৰদান কৰিবলগীয়া নাগৰিক সকলৰ মাজত প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বেই এনে সজাগতাৰ প্ৰয়াস কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৰাজহ চক্ৰ বিষয়া দুগৰাকীয়ে ।
লগতে পঢ়ক: পশ্চিম বংগত নিৰ্বাচনী হিংসা:তৃণমূলৰ কৰ্মীৰ বিজেপি কেডাৰে হত্যা কৰাৰ অভিযোগ