নগাঁও, 12 জুন: COVID-১৯ ৰ ভয়াৱহতাকলৈ এতিয়া আতংকিত ৰাজ্য়বাসী। সকলো ব্যস্ত COVID-১৯ৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাত । এনে এক ভয়াৱহ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিয়ে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কামৰ বাবে তৎপৰ হৈ উঠি পৰি লাগিছে নির্মাণকাৰী সংস্থা এন এইছ পি চি (NHPC) ।
নগাঁৱৰ শেনচোৱাস্থিত এন এইছ পি চি ৰ গুদামৰ পৰা ইতিমধ্যেই আৰম্ভ কৰিছে সামগ্ৰী সৰবৰাহ । গুদামৰ ভিতৰত সাজু কৰা হৈছে দুখনকৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক । এখন বাহনত সম্পূৰ্ণ ৰূপে ৰ'ড ভৰ্তি কৰোৱাৰ বিপৰীতে আনখন বাহনো সাজু কৰা হৈছে সামগ্ৰী কঢ়িওৱাৰ বাবে ।
জাতীয় দল সংগঠনৰ বাধা স্বত্বেও অতি গোপনে জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে এন এইছ পি চি য়ে । এই খবৰ লাভ কৰি দৃশ্য সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো বাধা প্ৰদানৰ চেষ্টা চলায় তাত নিৰাপত্তাৰ দায়িত্বত থকা এজন কৰ্মচাৰীয়ে ।
লগতে চাওকঃ বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকাত উদ্ধাৰ শিশু শ্ৰমিক