ETV Bharat / city

Tarikh pe tarikh: অভি-নীল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান কেতিয়া ? - Neel Abhi mob lynching

পঞ্চম দিনাও সম্পূৰ্ণ নহ'ল নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ তদন্তকাৰী বিষয়াৰ সাক্ষ্যদান (Abhi Neel murder case)। আদালতত তদন্তকাৰী আৰক্ষী বিষয়াক জেৰা বিপক্ষৰ অধিবক্তাৰ । আজি অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ বিপক্ষৰ অধিবক্তাৰ জেৰাৰ সন্মুখীন হ'ব তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ ।

Tarikh pe tarikh
Tarikh pe tarikh
author img

By

Published : Jun 16, 2022, 7:04 AM IST

Updated : Jun 16, 2022, 7:44 AM IST

নগাঁও, 16 জুন : বলীউদৰ জনপ্ৰিয় ছবি ডামিনীত ছানী দেউলৰ মুখত ‘‘তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ’’ শীৰ্ষক সংলাপটো আপুনি নিশ্চয় শুনিছে (Tarikh pe tarikh dialogue) ৷ আদালতৰ ন্যায় প্ৰক্ৰিয়াক সমালোচনা কৰি ভুক্তভোগীয়ে ন্যায়ৰ নামত কেৱল এটাৰ পাচত আন এটা শুনানিৰ তাৰিখহে লাভ কৰে বুলি ছবিখনত উল্লেখ কৰে অধিবক্তাৰূপী ছানী দেউলে ৷ দেশৰ লগতে ৰাছিয়াতো চৰ্চিত হোৱা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ বিচাৰৰ ক্ষেত্ৰতো যেন তেনেকুৱাই হৈছে ৷ চাৰি বছৰ উকলি গ’ল কিন্তু আজিও তাৰিখৰ পাচত তাৰিখ কেৱল শুনানিহে হৈ আছে এই গোচৰৰ (Dokmoka mob lynching)৷

নগাঁও আদালতত চলি থকা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বুধবাৰেও শুনানি গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে (Mob lynching of Abhi Neel)। নীল-অভি হত্যাৰ গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে । বুধবাৰে বিশেষকৈ বিপক্ষৰ অধিবক্তাৰ যুক্তিৰ সন্মুখীন হয় তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ ।

উল্লেখ্যে যে, যোৱা মাহত আদালতত শুনানি চলি থকাৰ সময়তে কিছু অসুস্থ হৈ পৰিছিল তদন্তকাৰী আৰক্ষী বিষয়াগৰাকী । যাৰ বাবে ১৫ জুন অৰ্থাৎ বুধবাৰে পুনৰ শুনানিৰ দিন ধার্য কৰিছিল আদালতে (Neel Abhi murder case update)।

সেই অনুসৰি বুধবাৰে শুনানিত তদন্তকাৰী আৰক্ষী বিষয়াক প্ৰায় চাৰি ঘণ্টা সময় প্ৰশ্ন কৰে বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই । পুৱা ১১ বজাৰ পৰা এক দীঘলীয়া সময় জেৰা চলোৱাৰ পিছতো আদালতৰ সময় অন্ত পৰাত অসম্পূৰ্ণ হৈ ৰয় বিপক্ষৰ অধিবক্তাৰ জেৰা প্ৰক্ৰিয়া । যাৰ বাবে পুনৰ শুনানি দিন ধার্য কৰিছে আদালতে । পুনৰ বিপক্ষৰ অধিবক্তাৰ প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ (Neel Abhi Murder case Judgement process)।

ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰা সেই সময়ৰ নীল-অভি হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া যতীন্দ্ৰ নাথৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত আন দুগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ কৰিব নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে । আগন্তক জুলাই মাহৰ ভিতৰতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি আশাবাদী নীল-অভিৰ পৰিয়াল ।

উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত এদল উন্মাদপ্ৰায় লোকে নির্মমভাৱে হত্যা কৰিছিল গুৱাহাটীৰ নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুজনক (Neel-Abhi mob lynching) । হত্যাকাণ্ড সংঘটিত হোৱাৰ চাৰিটা বছৰ অতিক্ৰম কৰাৰ পিছতো বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই যদিও কম সময়ৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Neel Abhi murder update: চাৰিটা বছৰে ন্যায়ৰ আশাত বন্দী নীল-অভিৰ পৰিয়াল

Last Updated : Jun 16, 2022, 7:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.