নগাঁও, 16 মাৰ্চ : নগাঁৱৰ ম'হখুলিত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলক আক্ৰমণ কৰি ড্ৰাগছ মাফিয়াই কাঢ়ি নিয়ে আৰক্ষীৰ পিষ্টল । দেওবাৰে নিশা নগাঁৱৰ নগৰ আৰক্ষী আৰু ৰূপহীহাট আৰক্ষীয়ে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছিল ড্ৰাগছ ব্যৱসায়ীক । ধৃত ড্ৰাগছ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে সন্ধিয়া ৰূপহীহাট আৰক্ষীৰ পাঁচজনীয়া আৰক্ষীৰ দল এটাই অভিযান চলাইছিল ড্ৰাগছ মাফিয়া ইমতিয়াজ আলীৰ দোকানত । দোকানত ড্ৰাগছ মজুত ৰখাৰ তথ্য লাভ কৰি অসামৰিক পোছাকত অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলটোক দোকানৰ দুৱাৰ বন্ধ কৰি আক্ৰমণ চলাই ইমতিয়াজ আলীৰ নেতৃত্বত এটা দলে । কেৱল আক্ৰমণ কৰাই নহয় । বিপ্লৱ কোঁৱৰ নামৰ আৰক্ষী কনিষ্টবলজনৰ পৰা ড্ৰাগছ মাফিয়াৰ দলটোৱে কাঢ়ি নিয়ে নাইন এম এম পিষ্টল । পিষ্টল কাঢ়িয়েই মাফিয়াৰ দলটোৱে পলায়ন কৰে দোকানখনৰ পৰা । মাফিয়াৰ দলটোৰ আক্ৰমণত আৰক্ষী কনিষ্টবল লক্ষ্যজ্যোতিৰ লগতে আহত হয় বিপ্লৱ কোঁৱৰ । ইতিমধ্যে নগাওঁ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা, উপ আৰক্ষী অধীক্ষক মানস শইকীয়াসহ বহু বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ড্ৰাগছ মাফিয়াৰ সন্ধানত আৰম্ভ কৰিছে অভিযান । সমগ্ৰ অঞ্চলটোতে অভিযান চলাইছে আৰক্ষীৰ বৃহৎ দলে ।
নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ - নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ
![নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6433009-thumbnail-3x2-0.jpg?imwidth=3840)
22:26 March 16
ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী, কাঢ়ি নিলে আৰক্ষীৰ পিষ্টল
20:59 March 16
প্ৰথমবাৰৰ বাবে ড্ৰাগছৰ মাফিয়াৰে আৰক্ষীৰ মুখামুখি সংঘৰ্ষ জিলাখনত
নগাঁৱৰ মহখুলিত আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ ড্ৰাগছ মাফিয়াৰ । অভিযানকাৰী আৰক্ষীৰ পৰা কাঢ়ি নিলে 9MM পিষ্টল । গুৰুত্বৰভাৱে আহত আৰক্ষীৰ কেইবাগৰাকীও জোৱান । লক্ষ্যজ্যোতি বৰা নামৰ আৰক্ষী জোৱান গৰাকী গুৰুত্বৰভাৱে আহত । প্ৰথমবাৰৰ বাবে আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মুখামুখি সংঘৰ্ষ । ড্ৰাগছ মাফিয়া ইমতাজ আলীৰ দোকানত লুকুৱাই ৰাখিছিল ব্ৰাউন ছুগাৰ ।