ETV Bharat / city

জোকৰ দৰে দৰিদ্ৰৰ তেজ শুহি খোৱা সুদখোৰ কৃষ্ণকান্তক আটক নগাঁও আৰক্ষীৰ

author img

By

Published : Dec 21, 2021, 7:55 PM IST

নগাঁৱত সুদখোৰৰ সন্ত্ৰাস । এইবাৰ স্থানীয় কাবুলীৱালাৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষীৰ (Nagaon police against illegal money lender) । সুদত টকা দিয়াৰ নামত সাধাৰণ অভাৱগ্ৰস্ত লোকক হাৰাশাস্তি স্থানীয় কাবুলীৰ । উকা দলিলত চহী লৈ সুদত দিয়ে ধন । নগাঁও আৰক্ষীৰ অভিযানত আটক তেনে এটা সুদখোৰ ।

Nagaon police arrest one illegal lender
Nagaon police arrest one illegal lender

নগাঁও, 21 ডিচেম্বৰ : মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ (Micro finance loan in Assam) লৈ সৰ্বস্বান্ত হোৱা লোকৰ কাহিনী আপুনি পঢ়িছে বা দেখিছে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ঋণগ্ৰস্তৰ ঋণ মাফৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বিষয়েও আপুনি জ্ঞাত ৷ কিন্তু জোকৰ দৰে আমাৰ সমাজৰ মাজত থাকি সুদৰ কাৰোবাৰ চলাই যোৱা (Illegal money laundering in Assam)সকলৰ বিষয়ে আপুনি বাৰু কিমান জানে ?

সাধাৰণ লোকৰ আৰ্থিক দৈন্যতাৰ(Financial crises of poor people) সুযোগ লৈ তেওঁলোকক সৰ্বস্বান্ত কৰি আহিছে এচাম সুদখোৰ লোকে ৷ সাধাৰণতে টকা সুদলৈ দিয়া এই কাৰোবাৰটো কৰিছিল কাবুল তথা আফগানিস্তানৰ পৰা ব্যৱসায় সূত্ৰে ভাৰত বা অসমলৈ অহা একাংশ লোকে (Kabuliawal in India) ৷ যাক কোৱা হয় কাবুলী ৷ কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প কাবুলীৱালাত (Kabuliwala written by Rabindranath Tegore) এই বিষয়ে বিশদভাৱে পোৱা যায় ৷ কিন্তু অসমৰ গাঁৱে-চহৰে থকা চুকত থাকি বুকত কামোৰা এচাম সুদখোৰ এতিয়া হৈ পৰিছে লোকেল কাবুলী ৷

সুদখোৰ কৃষ্ণকান্ত হাজৰিকাক আটক নগাঁও আৰক্ষীৰ

লগতে পঢ়ক : Fight against crime : জালত পৰিল কুখ্যাত ইৰাণ

লোকেল কাবুলীৰ কৱলত পৰি বহুতেই নিজৰ মাটি-ভেটিও হেৰুওৱাৰ উপক্ৰম হ’বলৈ ধৰিছে ৷ অধিক সুদৰ হাৰত দুখীয়াক ধাৰলৈ ধন দিয়া এইসমূহ লোকেল কাবুলীয়ে সূদ বা মূলধন নাপালে কাঢ়ি নিয়ে গৃহস্থৰ সা-সম্পত্তি ৷ প্ৰয়োজনত মাটি-ভেটি কাঢ়ি ঋণগ্ৰস্তক অঘৰী কৰিবলৈও কুণ্ঠাবোধ নকৰে এইচাম লোকেল কাবুলীয়ে ৷

নগাঁৱতো যেন এক প্ৰকাৰ সন্ত্ৰাস চলিছে লোকেল কাবুলীৰ (Local Kabuli terror in Nagaon)। অভাৱগ্ৰস্ত লোকক ধন দি সুদৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ একাংশ স্বয়ম্ভূ কাবুলীৱালাৰ বিৰুদ্ধে । সাধাৰণ লোকৰ অভাৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নিজ ইচ্ছামতেই লোকেল কাবুলীয়ে সুদ আদায় কৰে ঋণ লোৱা লোকৰ পৰা । আনকি ঋণ লোৱা লোকৰ পৰা উকা দলিলত চহী লোৱাৰ উপৰিও এ টি এম পৰ্যন্ত নিজৰ কব্জাত লয় একাংশ সুদখোৰে ।

লগতে পঢ়ক : The Police and Drugs: ড্ৰাগছৰ শেষৰটো টেমা থকালৈকে চলিব আনন্দ মিশ্র বাহিনীৰ অভিযান

সোমবাৰে নিশা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নিৰ্দেশত নগাঁও সদৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এজন লোকেল কাবুলীক (Nagaon police operation against local Kabuli) । নগাঁও সদৰ আৰক্ষী খানৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ উৰীয়াগাঁৱৰ কৃষ্ণকান্ত হাজৰিকাৰ ঘৰত চলায় অভিযান । আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত সুদখোৰ কৃষ্ণকান্ত হাজৰিকাক আটক কৰিবলৈ সক্ষম হয় ।

অভিযানত আৰক্ষীৰ দলটোৱে বহু লোকৰ চহী থকা উকা দলিল জব্দ কৰিবলৈ সক্ষম হয় । লগতে কৃষ্ণকান্ত হাজৰিকাৰ ঘৰৰ পৰাই বহু লোকৰ এ টি এমসহ বহু আপত্তিজনক নথি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত কৃষ্ণকান্ত হাজৰিকাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, ড্ৰাগছ, চোৰ-ডকাইতৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা আনন্দ মিশ্ৰ বাহিনীয়ে এইবাৰ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানে লোকেল কাবুলীৱালাৰ মাজত কঁপনিৰ সৃষ্টি কৰিছে । নগাঁওবাসীৰ আশা আৰক্ষীৰ পদক্ষেপে লোকেল কাবুলীৱালাৰ ত্ৰাসৰ পৰা ৰক্ষা কৰিব বহুজনক ৷

লগতে পঢ়ক : ধিঙৰ চৰাঞ্চলত মাতাব্বৰৰ গুণ্ডাগিৰি, সহায়ৰ বাবে আহ্বান অসহায় কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.