নগাঁও, 23 মাৰ্চ : কৰ'ণাক লৈ সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি হোৱাৰ সময়ত নগাঁৱৰ এক স্বেচ্ছাসেৱী সংগঠনে দেখুৱাইছে আদৰ্শৰ বাট ৷ কৰ'ণাৰ ভয়াৱহতাৰ বাবে বজাৰত নাটনি হৈ পৰা মাস্ক, চেনিটাইজাৰ, চাবোন বিতৰণ কৰে বহুমুখী কৃষি আৰু সমাজ কল্যান সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷
নগাঁৱৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 হাজাৰ লোকৰ মাজত বিতৰণ কৰে এই সামগ্ৰীসমূহ ৷ সাংবাদিক, সাধাৰণ জনতা, কাৰাগাৰ আদিত এই সামগ্ৰীসমূহ বিতৰণ কৰি কোভিড-19 ৰ বাবে এক সজাগতাৰ সৃষ্টি কৰে সংগঠনটোৱে ৷ আতংকময় পৰিবেশৰ মাজতো বাতৰি সংগ্ৰহত ব্যস্ত থকা সাংবাদিকসকলৰ মাজত বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ ।
উল্লেখযোগ্য যে প্ৰথমে নগাওঁ প্ৰেছ ক্লাৱত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যই । তাৰ পিছতে সাধাৰণ লোকৰ মাজত বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ । ইয়াৰোপৰি নগাওঁ কেন্দ্ৰীয় কাৰাগাৰতো বিতৰণ কৰে এইসমূহ সামগ্ৰী । প্ৰথম পৰ্য্যায়ত ৩০ হাজাৰ লোকৰ মাজত মাস্ক, চেনিটাইজাৰ, হাত ধোঁৱা চাবোন বিতৰণ কৰে সেচ্ছাসেৱী সংগঠনটোৱে ৷
আনহাতে নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষয়ো গ্ৰহণ কৰিছে এনে পদক্ষেপ । নগাওঁ চহৰৰ বেংকসমূহত উপস্থিত হৈ মহাবিদ্যালয় কৰ্তৃপক্ষই বেংকৰ কৰ্মচাৰীসকলৰ লগতে গ্ৰাহকসকলৰ মাজতো বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ ৷ ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত নাটনি হোৱা এই সমূহ সামগ্ৰী যোগান ধৰি সংগঠনটোৰ লগতে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ৰাজ্যৰ এই জটিল সময়ত দেখুৱাইছে আদৰ্শৰ বাট ৷