নগাঁও, 1 ফেব্ৰুৱাৰীঃ নগাঁৱত কৰ্তব্যত যোগদান কৰিয়েই অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈ পৰে নৱনিযুক্ত আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ । চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা নকল সোণৰ ব্যৱসায়ী আৰু গণপ্ৰহাৰৰ ঘটনাৰ পৰা চ'ছিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা কোনো লোকে সাৰি নগ'ল আৰক্ষী অধীক্ষক অভিজিতৰ চকুৰ পৰা । জিলাখনত অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে মুকলি কৰিলে whats app নম্বৰ ।
কৰ্তব্যত যোগদান কৰি আজি এক সংবাদ মেল সম্বোধন কৰে আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে । যোগদান কৰিয়েই অপৰাধীৰ বিৰুদ্ধে আৰম্ভ কৰিলে অভিযান । প্ৰথমেই টাৰ্গেট চ'ছিয়েল মিডিয়াত । সৰস্বতী পূজাৰ দিনা নগাঁৱত এগৰাকী ধৰ্ষিতাক সহায় কৰা বুলি ফেচবুকত পোষ্ট কৰিছিল এগৰাকী যুৱকে ৷ কিন্তু সেইদিনা কোনো ধৰ্ষণৰ ঘটনাই সংঘটিত হোৱা নাছিল নগাঁৱত । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান কৰি আটক কৰে যুৱকজনক । নগাঁৱত চোৰাং গৰুৰ এক ছিণ্ডিগেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ তৎপৰতাত ডেৰশৰো অধিক গৰুভৰ্তি ছয়খনকৈ ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । নগাঁৱৰ ৰূপহীহাটৰ পৰা মেঘালয়লৈ সৰবৰাহৰ পথত আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুভৰ্তি ট্ৰাককেইখন । লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাককেইখনৰ চালক হেণ্ডিমেনসহ কেইবাজনো লোকক । একে নিশাই নগাওঁ আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ মৰিকলঙৰ পৰা নকল সোণসহ আটক কৰে তিনিজনকৈ ব্যৱসায়ী । ডেৰ কেজি ওজনৰ নকল সোণৰ এখন নাও জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে জিয়াবোৰ ৰহমান, ইক্রমূল ইছলাম আৰু জিয়াবোৰ আহমেদ নামৰ এই যুৱকক তিনিজনক । ইয়াৰ উপৰিও ৰহাৰ চাপৰমুখত এগৰাকী আৰক্ষীক নির্মমভাৱে প্ৰহাৰ কৰা ঘটনাৰ মূল অভিযুক্ত হীৰক জ্যোতি নাথকো আটক কৰে আৰক্ষীয়ে । উল্লেখযোগ্য যে, আৰক্ষীক প্ৰহাৰ কৰা ঘটনাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ।
কেৱল এয়াই নহয় নগাঁৱৰ অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে মুকলি কৰে এটা whats app নম্বৰ । নগাঁৱৰ সাধাৰণ নাগৰিকলৈ আৰক্ষী অধীক্ষকগৰাকীৰ আহ্বান, যিকোনো ধৰনৰ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষীক যিমান পাৰে সিমান সোনকালে অৱগত কৰাওক ৷