ETV Bharat / city

Isolation ৰ বাবে ১২ হাজাৰ স্কোৱাৰ ফুটৰ বিবাহ ভৱন দান এজন যুৱকৰ - Donate ISOLATION WARD

আইচলেচন ৱাৰ্ডাৰ বাবে ১২ হাজাৰ স্কোৱাৰফুটৰ বিবাহ ভৱন দান দিয়াৰ ঘোষণা পুৰণিগুদামৰ এজন যুৱকৰ ।

Isolation ৰ বাবে ১২ হাজাৰ স্কোৱাৰ ফুটৰ বিবাহ ভৱন দান এজন যুৱকৰ

author img

By

Published : Mar 30, 2020, 11:29 AM IST

Updated : Mar 30, 2020, 11:49 AM IST

নগাঁও, 30 মাৰ্চ: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে । অসমত এইপৰ্যন্ত এজনো আক্ৰান্ত হোৱা নাই যদিও মহামাৰী ৰূপ লোৱা কৰ'ণাৰ বিৰুদ্ধে যথেষ্ট সষ্টম হৈছে ৰাজ্য চৰকাৰ । ইয়াৰ মাজতে সমগ্ৰ ৰাজ্যবাসীৰ লগতে নগাঁওবাসীক কিছু পৰিমাণে সকাহ প্ৰদান কৰিছে কেইটামান তুলনামূলক ভাল খবৰে । কিছুদিন পূৰ্বে নগাঁও জিলাৰ কলিয়াবৰৰ কৃষ্ণ মহন্ত নামৰ এগৰাকী ব্যক্তিয়ে কৰ'ণাত আক্ৰান্ত সকলৰ বাবে আইচলেটেড শিবিৰ স্থাপন কৰিবৰ বাবে নিজৰ ১০ বিঘা মাটি দান দিম বুলি প্ৰশাসনক আবেদন জনোৱাৰ পাচতেই এইবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে পুৰণিগুদামৰ পথাৰৰ আগ চাৰিআলিৰ এজন লোক ৷

নিতুল গায়ন নামৰ লোকজনে পথাৰৰ আগ চাৰিআলিত থকা "বৰ্ষা বিবাহ ভৱন" নামৰ নিজা বৃহৎ গৃহটোক প্ৰয়োজন সাপেক্ষে ক'ৰণা ৰোগী সকলক চিকিৎসাৰ বাবে আইচলেটেড শিবিৰ হিচাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আবেদন জনাইছে । ক'ৰণাৰ বিৰুদ্ধে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা অত্যাধিক তৎপৰতাৰ প্ৰতি সহাৰি জনাই তথা বৃহত্তৰ নগাঁওবাসীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এই মহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে নিতুল গায়নে ।

চৰকাৰে বিচাৰিলে পুৰণিগুদাম চাপানালা সংযোগী মূল পথটোৰ দাঁতিতে থকা সৰ্বমুঠ ১২ হাজাৰ স্কোৱাৰ ফুটৰ বিবাহ ভৱনটোত প্ৰয়োজন অনুসৰি প্ৰায় 150 ৰ পৰা 200 খন বিচনা সংস্থাপন কৰি কৰ'ণা ৰোগী সকলক আছুতীয়াকৈ উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে লোকজনে ৷

Isolation ৰ বাবে ১২ হাজাৰ স্কোৱাৰ ফুটৰ বিবাহ ভৱন দান এজন যুৱকৰ

অৱশ্যে লোকজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিষয়টো অসমবাসীৰ ওচৰত উত্থাপন কৰাৰ পিছত তাৰে অনুমতি বিচাৰি চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ যোগেদি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী গৰাকীলৈ ইতিমধ্যেই এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছে নিতুল গায়নে ।

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভেণ্টিলেটৰ দান ৰ’নাল্ডোৰ

Last Updated : Mar 30, 2020, 11:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.