চামগুৰি, 21 নৱেম্বৰ : নগাঁও জিলা কমলাদেৱী তোদী স্মৃতি ভৱনত শনিবাৰে নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন সম্পৰ্কে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । পৰাণ কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ আৰম্ভণিতে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বন্তি প্ৰজ্বলন কৰে । তাৰপিছত নগাঁও জিলা সাহিত্য সভাৰ সদস্যবৃন্দৰ দ্বাৰা 'চিৰ চেনেহী আমাৰ ভাষা জননী' গীত পৰিৱেশন কৰা হয় ।
পৰাণ কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখনতে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক ৰেৱত হাজৰিকা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও প্ৰেছ ক্লাৱৰ উপদেষ্টা কনক হাজৰিকা প্ৰমুখ্যে ব্যৱসায়িক সন্থা, আছুৰ নগাঁও জিলা সমিতি, সদৌ অসম খিলঞ্জীয়া মুছলিম বুৰঞ্জীমূলক তথা গৱেষণা ভেটিৰ বিষয়ববীয়াৰ লগতে অন্যান্য দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক : Parag Kumar Das memorial debate competition : অন্ত পৰিল ৰূপালী জয়ন্তী বৰ্ষ