চামগুৰি, 13 জুন : বটদ্ৰৱাত ভূমি কেন্দ্ৰিক সংঘাতত এজনৰ মৃত্যু ৷ বটদ্ৰৱা থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত যোৱা শুকুৰবাৰে মাটিৰ সীমাক কেন্দ্ৰ কৰি একেটা পৰিয়ালৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হয় । উক্ত সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দুয়োপক্ষৰ কেইবাজনো লোক ।
ইয়াৰে মজিবুৰ ৰহমান নামৰ লোকজন যোৱা নিশা মৃত্যুবৰণ কৰে বুলি জানিব পৰা গৈছে । উক্ত মাৰপিট ঘটনাৰ মুখ্য অভিযুক্ত জহিৰুল ইছলাম নামৰ লোকজন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে আমছু নেতা জহিৰুল ইছলাম মৃত মজিবুৰ ৰহমানৰ নিজ ভতিজা । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । এতিয়ালৈকে এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বটদ্ৰৱা আৰক্ষী ।
লগতে পঢ়ক : যিকোনো মুহুৰ্তত বিপদ মাতিব পাৰে বুঢ়ীদিহিঙৰ মথাউৰিয়ে