নগাঁও, 7 এপ্ৰিল : কংগ্ৰেছৰ বিগত পোন্ধৰ বছৰীয়া কাৰ্য্যকালত নগাঁৱত প্ৰভাৱশালী মন্ত্ৰী থকা স্বত্বেও পিছপৰি থকা নগাঁও চহৰৰ চেহেৰাই সলনি কৰিবলৈ সক্ষম হোৱা বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত গ্ৰহণ কৰা হৈছে কেবাটাও প্ৰকল্প ।
নগাঁৱৰ অধিক সৌন্দৰ্য বৰ্ধনৰ বাবে ইতিমধ্যেই কেবাটাও প্ৰকল্পৰ কাম চলি থকাৰ উপৰিও নতুনকৈ গ্ৰহণ কৰিছে কেবাটাও আঁচনি । নগাঁৱৰ সৌন্দৰ্যবৰ্ধনৰ বাবে হ‘বলগীয়া প্ৰকল্পৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁও চহৰৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহালে (Minister Ashok Singhal visited Nagaon) ।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ নগাঁৱৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে ৷ লগতে নগাঁৱৰ উন্নয়নৰ বাবে হাতত ল’বলগীয়া আঁচনিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি, নগাঁও চহৰত ভূপেন হাজৰিকা কলাক্ষেত্ৰ নিৰ্মাণৰ লগতে প্ৰেক্ষাগৃহকে ধৰি নিৰ্মাণ হ’বলগীয়া কেবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰে মন্ত্ৰী অশোক সিংহালে ।
লগতে পঢ়ক : ৰাজ্যসভাৰ পাৰ্শ্চক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ