ETV Bharat / city

কন্দলিত বন্যহস্তীৰ উপদ্ৰৱ: নিয়ন্ত্ৰণত ব্যৰ্থ বন বিভাগ

খাদ্যৰ সন্ধানত প্ৰায়ে বনাঞ্চলৰ পৰা জলাঞ্চললৈ ওলাই আহে বন্যহস্তী ৷ জনাঞ্চললৈ ওলাই আহিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে বন্যহস্তীয়ে ৷ সোমবাৰেও কন্দলিত বন্যহস্তীয়ে ভাঙি তহিলং কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে ভঁৰাল ৷

author img

By

Published : Aug 24, 2021, 5:15 PM IST

man elephant conflict at kandali
কন্দলিত বন্যহস্তীৰ উপদ্ৰৱ

বঢ়মপুৰ,24 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বন্যহস্তীৰ এনে উপদ্ৰৱত নগাঁৱৰ কন্দলিবাসী ৰাইজে কটাব লগীয়াত হৈছে বিনিদ্ৰ ৰজনী ৷ বন্যহস্তীয়ে সঘনে উপদ্ৰৱ চলাইছে সমগ্ৰ অঞ্চলটোত ৷

সোমবাৰে নিশাও অঞ্চলটোত বন্যহস্তীয়ে চলালে উপদ্ৰৱ ৷ বন্যহস্তীৰ এটা জাকে ভাঙি তহিলং কৰে কন্দলি নৱৰূপ আদৰ্শ গাঁৱৰ কেইবাটাও পকীঘৰ আৰু ভঁড়াল ৷ হাতী অহাৰ উমান পাই সেই স্থান এৰি নিশাই পলায়ন কৰে গাঁওখনৰ কেইবাটাও পৰিয়ালে ৷ ফলত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়াল সমূহৰ সদস্যই ৷

man elephant conflict at kandali
কন্দলিত বন্যহস্তীৰ ত্ৰাস

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে চামগুৰিবাসীৰ

উল্লেখ্য যে, বন্যহস্তীৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে কন্দলিৰ সমগ্ৰ অঞ্চলবাসী ৷ সোমবাৰৰ এই আক্ৰমণৰ উমান পাই নিশাই ভীতিগ্ৰস্ত ৰাইজে খবৰ দিয়ে বন বিভাগক ৷ কিন্তু বন বিভাগৰ লোকে এই লৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

কন্দলিত বন্যহস্তীৰ ত্ৰাস

কন্দলিবাসীৰ অভিযোগ, হাতী খেদাত ব্যৰ্থ হৈছে কঠিয়াতলী আৰু কন্দলিৰ বন বিভাগ ৷ প্ৰতি নিশা উজাগৰে থাকি হাতী খেদিব লগা হৈছে কন্দলিবাসী ৰাইজ ৷ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা দিব নোৱৰা বন বিভাগৰ প্ৰতি ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ বাবে মজুত চাউল ভক্ষণ বন্যহস্তীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.