ETV Bharat / city

বটদ্ৰৱাত ভূ - মাফিয়াৰ তাণ্ডৱ

author img

By

Published : May 7, 2019, 9:28 PM IST

বটদ্ৰৱাৰ খলিহামাৰিস্থিত চৰকাৰী ভূমিত ভূ - মাফিয়াই চলাইছে তাণ্ডৱ ৷ ইটিভি ভাৰতৰ বাতৰিয়েও গা লৰাব নোৱাৰিলে নগাঁও জিলা প্ৰশাসনৰ ৷ প্ৰশাসনৰ উচ্ছেদ অভিযানত অসন্তুষ্ট দল - সংগঠন তথা স্থানীয় ৰাইজ ৷

বটদ্ৰৱাত ভূ - মাফিয়াৰ তাণ্ডৱ
  • বটদ্ৰৱাৰ খলিহামাৰিস্থিত চৰকাৰী ভূমিত ভূ - মাফিয়াৰ তাণ্ডৱ
  • শ - শ বিঘা চৰকাৰী ভূমিত বৃহৎ আকাৰৰ পুখুৰী
  • ইটিভি ভাৰতৰ বাতৰিয়েও গা নলৰালে নগাঁও জিলা প্ৰশাসনৰ
  • প্ৰশাসনৰ উচ্ছেদ অভিযানত অসন্তুষ্ট দল - সংগঠন তথা স্থানীয় ৰাইজ
  • অবৈধ ভূমি দখল কাৰ্যই চিন্তিত কৰি তুলিছে কৃষিজীৱী লোকসকলক
    বটদ্ৰৱাত ভূ - মাফিয়াৰ তাণ্ডৱ

  • বটদ্ৰৱাৰ খলিহামাৰিস্থিত চৰকাৰী ভূমিত ভূ - মাফিয়াৰ তাণ্ডৱ
  • শ - শ বিঘা চৰকাৰী ভূমিত বৃহৎ আকাৰৰ পুখুৰী
  • ইটিভি ভাৰতৰ বাতৰিয়েও গা নলৰালে নগাঁও জিলা প্ৰশাসনৰ
  • প্ৰশাসনৰ উচ্ছেদ অভিযানত অসন্তুষ্ট দল - সংগঠন তথা স্থানীয় ৰাইজ
  • অবৈধ ভূমি দখল কাৰ্যই চিন্তিত কৰি তুলিছে কৃষিজীৱী লোকসকলক
    বটদ্ৰৱাত ভূ - মাফিয়াৰ তাণ্ডৱ
Intro:বটদ্ৰৱাত চৰকাৰী ভূমিত ভূমাফিয়াই খন্দা বৃহৎ বৃহৎ পুখুৰীত প্রশাসনে চলোৱা উচ্ছেদ অভিযানত সন্তুষ্ট নহয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজ । Body:নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ খলিহামাৰিস্হিত চৰকাৰী ভূমিত এতিয়াও ভূমাফিয়াই চলাই আছে ৰাজত্ব । শ শ বিঘা চৰকাৰী ভূমিত এতিয়াও আছে বৃহৎ আকাৰৰ পুখুৰী । যাৰ ফলত খেতিয়কৰ জিৱনলৈ নামি আহিছে অমানিশা । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষত থকা চৰকাৰী ভূমিত অবৈধ ভাবে ভুমিলুভী দুষ্ট চক্ৰ এটাই জে চি বিৰে খনন কাৰ্য্য চলাই খান্দিছিল কেইবাটও বৃহৎ বৃহৎ পুখুৰী । বেদখলকাৰীয়ে দিনে-নিশাই চৰকাৰী ভূমিত এই দৰে খনন কাৰ্য্য চলাই থকাৰ বাতৰি কেবল মাত্ৰ ETV BHARATত যোৱা ২০ এপ্ৰিলত প্ৰকাশ পোৱাৰ পিছত গা লৰিছিল নগাওঁ জিলা প্ৰশাসনৰ ৷ নগাঁও সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াৰ নেতৃত্বত অহা চি আৰ পি এফ,আৰক্ষী আৰু প্ৰশাসনৰ বৃহৎ দল এটা ঘটনাস্হলীত উপস্হিত হৈ জে চি বিৰে আৰম্ভ কৰে উচ্ছেদ অভিযান । কিন্তু উচ্ছেদ অভিযানৰ নামত প্ৰশাসনে কেইটামান পুখুৰী উচ্ছেদ কৰিয়েই সামৰিলে দ্বায়িত্ব । যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষিজীৱী লোকসকল ।_________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.