ETV Bharat / city

ৰকি-প্ৰদ্যুতৰ সংঘাত সৃষ্টি কৰা ব্যক্তিক চিনাক্ত জিতেন্দ্ৰ সিঙৰ !

জিতেন্দ্ৰ সিঙে চিনাক্ত কৰিলে প্ৰদ্যুত বৰদলৈ-ৰকিবুল হুছেইনৰ মাজত সংঘাত সৃষ্টি কৰা ব্যক্তিৰ নাম ৷ একাংশই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দুই নেতাৰ মাজত সংঘাত সৃষ্টি কৰিছে আৰু এনে লোকক সাৱধান কৰি দিয়া হৈছে বুলি মন্তব্য সিঙৰ ৷

author img

By

Published : Nov 3, 2020, 10:48 PM IST

সংঘাত সৃষ্টি কৰা ব্যক্তিক চিনাক্ত জিতেন্দ্ৰ সিঙৰ
ৰকি-প্ৰদ্যুতৰ সংঘাত

নগাঁও, 3 নৱেম্বৰ : বহু বিভক্ত কংগ্ৰেছক একত্ৰিত কৰাৰ উদ্দেশ্যে অসমলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক জিতেন্দ্ৰ সিঙে চিনাক্ত কৰিছে ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ মাজত সংঘাত সৃষ্টি কৰা ব্যক্তিক । দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুত বৰদলৈ মাজত চলি আছে সংঘাত । শেহতীয়াকৈ দুই নেতাৰ সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়ত দেওবাৰে নিশা নগাঁৱত উপস্থিত হোৱা জিতেন্দ্ৰ সিঙে ধৰা পেলাবলৈ সক্ষম হৈছে দুই নেতাৰ সংঘাতৰ মূল কাৰণ ।

ৰকি-প্ৰদ্যুতৰ সংঘাত

সোমবাৰে একাংশ সচেতন লোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰিও দলীয় কৰ্মীৰ সৈতেও এক সভাত অংশগ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত দুই নেতাৰ সংঘাতক লৈ কৰে বহু গুৰুত্বপূৰ্ণ মন্তব্য । নাৰদৰূপী একাংশই দুই নেতাৰ মাজত সংঘাত সৃষ্টি কৰি স্বাৰ্থ আদায় কৰাৰ চেষ্টা কৰা বুলি স্পষ্ট মন্তব্য কৰিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে । লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সাৱধান কৰি দিয়া বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে জিতেন্দ্ৰ সিঙে । অৱশ্যে সংঘাত সৃষ্টি কৰা ব্যক্তিৰ নাম ৰাজহুৱা কৰা নাই জিতেন্দ্ৰ সিঙে ৷

ৰকি-প্ৰদ্যুতৰ সংঘাত সৃষ্টি কৰা ব্যক্তিক চিনাক্ত জিতেন্দ্ৰ সিঙৰ
জিতেন্দ্ৰ সিং

লগতে পঢ়ক : ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে পিতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.