ETV Bharat / city

কলিয়াবৰত উলহ মালহেৰে আয়োজন শ্ৰীকৃষ্ণ জন্মাষ্টমী

author img

By

Published : Aug 19, 2022, 12:00 PM IST

ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয় জন্মাষ্টমী(Sri Krishna Janmashtami 2022) ৷ কলিয়াবৰত উলহ-মালহেৰে আয়োজন কৰা হৈছে জন্মাষ্টমী ৷ কলিয়াবৰৰ সৈতে আছে শ্ৰীকৃষ্ণৰ এক সুকীয়া সম্পৰ্ক । শ্ৰীকৃষ্ণই কুণ্ডিল কন্যা ৰূক্মিণীক হৰণ কৰি আহি কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিম্বদন্তি প্ৰচলিত হৈ আহিছে ।

janmashtami celebrated at Kaliabor
কলিয়াবৰত উলহ-মালহেৰে আয়োজন শ্ৰীকৃষ্ণ জন্মাষ্টমী

কলিয়াবৰ, 19 আগষ্ট: আজি পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী ৷ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয় জন্মাষ্টমী(Sri Krishna Janmashtami Festival 2022) ৷ কলিয়াবৰতো উলহ-মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী । জন্মাষ্টমী উপলক্ষে কলিয়াবৰৰ ঐতিহাসিক সত্ৰ-নামঘৰসমূহ বৃহস্পতিবাৰৰ নিশাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে । আনহাতে আজি অৰ্থাৎ শুকুৰবাৰৰ পুৱাৰে পৰা সত্ৰ-নামঘৰসমূহত নাম প্ৰসংগ লৈছে ভকত-বৈষ্ণৱে ।

কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰতো(Historical Bharali Namghar of Kaliabor) জন্মাষ্টমী উপলক্ষ্যে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । আজি দিনযোৰা কাৰ্যসূচীৰে কলিয়াবৰত উদযাপন কৰা হ’ব জন্মাষ্টমী ৷ উল্লেখ্য যে, কলিয়াবৰৰ সৈতে আছে শ্ৰীকৃষ্ণৰ এক সুকীয়া সম্পৰ্ক । শ্ৰীকৃষ্ণই কুণ্ডিল কন্যা ৰূক্মিণীক হৰণ কৰি আহি কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিম্বদন্তি প্ৰচলিত হৈ আহিছে । বৰ্তমান মিৰি-ভেটি গাঁৱত থকা এজোপা বৃহৎ বৰগছে তাৰেই সাক্ষী বহন কৰে বুলি জনশ্ৰুতি প্ৰচলিত হৈ আহিছে ।

অৱসৰপ্ৰাপ্ত শিক্ষক তথা কলিয়াবৰৰ এগৰাকী বুৰঞ্জীবিদ বিপুল চন্দ্ৰ ভট্টাচাৰ্যৰ মতে, কলিয়াবৰত উদ্ধাৰ হোৱা বিভিন্ন ঐতিহাসিক শিলালিপি, তাম্ৰফলি, সাঁচিপতীয়া পুথিত কৃষ্ণ-বট-গ্ৰাম বা নীল-বট-গ্ৰাম বুলি উল্লেখ পোৱা যায় । যাৰ অৰ্থ অনুযায়ী কলিয়া জিৰোৱা বৰ ৰূপে জনাজাত হৈ পৰে ৷ ইয়ে পাছলৈ হৈ পৰে কলিয়াবৰ । সেইবাবেই কলিয়াবৰত অতীতৰে পৰা গুৰুজনাৰ নীতি-আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰ-নামঘৰসমূহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভক্তিভাৱেৰে পালন কৰি অহা হৈছে ।

লগতে পঢ়ক : উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.