ৰূপহীহাট, 4 জুন : বন্যপ্ৰাণী আৰু বিলুপ্তপ্ৰায় চৰাই চিকাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে যদিও একাংশ চোৰাং চিকাৰীৰ দৌৰাত্ম অব্যাহত আছে ৷ এইবাৰ অত্যাধুনিক ৰেকৰ্ড প্লেয়াৰেৰে পক্ষী চিকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ চৰাইৰ কণ্ঠস্বৰ ৰেকৰ্ড কৰি এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা অভয়াৰণ্যত চৰাই চিকাৰ আৰম্ভ কৰিছে চোৰাং চিকাৰীয়ে । বন বিভাগৰ এটা অভিযানতেই পোহৰলৈ আহিছে এই তথ্য । বুধবাৰে অভয়াৰণ্যৰ বনকৰ্মীয়ে অভিযান চলায় লাওখোৱা অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া অঞ্চলত । লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলত অভিযান চলায় বন বিভাগে ।
বন বিভাগৰ এটা দলে গদাইমাৰী শিঙিয়া পথাৰত অভিযান চলাই আঠ টাকৈ কাম চৰাই, অত্যাধুনিক টেপ ৰেকৰ্ডাৰ আৰু অডিঅ' প্লেয়াৰ জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত বন বিভাগৰ দলটোৱে এজনো চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হোৱা নাই । চোৰাং চিকাৰীৰ বিৰুদ্ধে প্ৰায়েই বন বিভাগৰ লোকে অভিযান চলাই যদিও কেৱল সামগ্ৰী জব্দ কৰিয়েই দায়িত্ব সামৰে লাওখোৱাৰ বন বিভাগৰ লোকে । লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত বন বিভাগে বাৰে বাৰে চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলাই যদিও গ্ৰেপ্তাৰ নহয় বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ।
লগতে পঢ়ক :মাৰ্চতে দিয়া এক পত্ৰত আছে ভয়ংকৰ নিৰ্দেশনা