ETV Bharat / city

কন্দলী চাহ বাগিচাত কৰ’ণাক্ৰান্তৰ কাষত কংগ্ৰেছৰ তিনি বিধায়ক - rokibul visit condoli tea estate

নগাঁও জিলাৰ কন্দলীৰ চাহ বাগিচা অঞ্চলৰ ক'ভিড ৰোগীৰ কাষত কংগ্ৰেছৰ তিনি বিধায়ক । ৰোগীসকলৰ মাজত মাস্ক, চেনিটাইজাৰ, ঔষদ বিতৰণ ৷

কন্দলী চাহ বাগিচাত কংগ্ৰেছৰ তিনি বিধায়ক

author img

By

Published : May 29, 2021, 5:18 PM IST

বঢ়মপুৰ, 29 মে' : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চাহ বাগিচা অঞ্চলতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । নগাঁও জিলাৰ কন্দলী চাহ বাগিচাত ৩৫ জনকৈ লোক ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷

আটাইকেইগৰাকী ৰোগীক বাগিচাখনত থকা চিকিৎসালয়ত কোৱাৰেন্টাইন কৰা হৈছে ৷ চাহ শ্ৰমিকৰ লগতে কন্দলী ক'ভিড হাস্পতালতো মধ্য অসমৰ বহু লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

কন্দলী চাহ বাগিচাত কংগ্ৰেছৰ তিনি বিধায়ক

শনিবাৰে বাগিচাৰ ক'ভিড আক্ৰান্ত লোকসকলৰ লগতে কন্দলী ক'ভিড হাস্পতালৰ ৰোগী সকলৰ কাষত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বিধায়ক শশীকান্ত দাস আৰু সুৰেশ বৰা উপস্থিত হয় ৷ বিভিন্ন জনৰ মাজত মাক্স, চেনিটাইজাৰ, ঔষধ বিতৰণ কৰে কংগ্ৰেছৰ নেতা বিধায়কসকলে ।

ইফালে দেশৰ কৰ’ণাৰ এই সংকটৰ সময়ত মূল্যবৃদ্ধি, প্ৰতিষেধকৰ নাটনি, ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নগা সকলক আক্ৰমণ সন্দৰ্ভতো মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.