ETV Bharat / city

পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমৃত শ্বাহ - নগাঁৱৰ ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰ

পুনৰ অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ৷ 25 ফেব্ৰুৱাৰীৰ দিনা উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ পূৰ্বে সকলো প্ৰস্তুতিৰ বুজ ল'বৰ বাবে উপস্থিত হ'ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Home minister Amit Shah to visit Assam again on 25th February
পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমৃত শ্বাহ
author img

By

Published : Feb 19, 2021, 5:00 PM IST

চামগুৰি, 19 ফেব্ৰুৱাৰী : পুনৰ অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ৷ নগাঁৱৰ ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰত 22 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা স্থিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞত 25 ফেব্ৰুৱাৰীৰ দিনা উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ আনহাতে, গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ পূৰ্বে সকলো প্ৰস্তুতিৰ বুজ ল'বৰ বাবে উপস্থিত হ'ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Home minister Amit Shah to visit Assam again on 25th February
মহামৃত্যুঞ্জয় মন্দিৰ

উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ 126 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰ ৷ 2004 চনৰ পৰা বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল মন্দিৰটোৰ । এই বৰ্ষৰ 22 ফেব্ৰুৱাৰীৰ পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা 27 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ৷

পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমৃত শ্বাহ

25 ফেব্ৰুৱাৰীত মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ৷ মন্ত্ৰীগৰাকীৰ আগমনৰ কথা জানিব পাৰি উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ মন্ত্ৰী শ্বাহৰ আগমনৰ বাৰ্তা পাই এতিয়া মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ আনহাতে, নিৰ্মাণ কৰা হৈছে হেলিপেড ৷ সজাই-পৰাই তোলা হৈছে মন্দিৰৰ চৌপাশ ৷ মন্দিৰ কতৃপৰ্ক্ষৰ সমান্তৰালভাৱে দেশৰ গৃহমন্ত্ৰীৰ আগমনৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰশাসনো ৷ সমগ্ৰ প্ৰস্তুতিৰ বুজ ল'বৰ বাবে উপস্থিত হ'ব অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক : ভাৰতত অসমৰ স্থান-2020 উন্মোচন কৰিলে ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.