ETV Bharat / city

নীল অভি হত্যাৰ গোচৰত পুনৰ এজনৰ সাক্ষ্যগ্ৰহণ নগাঁও আদালতৰ

author img

By

Published : Jan 4, 2022, 9:04 PM IST

নীল অভি, হত্যাকাণ্ডৰ গোচৰৰ শুনানি আৰু এজনৰ সাক্ষ্যগ্ৰহণ নগাঁও আদালতৰ (Hearing of Abhi Neel mob lynching case) । ৬৭ জনৰ সাক্ষ্যগ্ৰহণ সম্পন্ন নগাঁও আদালতৰ ।

Hearing of Abhi Neel mob lynching case
নীল অভি হত্যাৰ গোচৰত পুনৰ এজনৰ সাক্ষ্যগ্ৰহণ নগাঁও আদালতৰ

নগাঁও, 4 জানুৱাৰী : দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ মঙলবাৰেও শুনানি গ্ৰহণ কৰে নগাঁও আদালতে (Hearing of Abhi Neel mob lynching case)। মঙলবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত শুনানীত আৰু এজন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হয় । সাক্ষ্য গ্ৰহণ কৰা লোকজন অভি-নীল হত্যাকাণ্ড(Abhi Neel murder case)ৰ লগত জৰিত থকা এজন অভিযুক্তৰ পিতৃ বুলি জানিব পৰা গৈছে । সময়ৰ অসুবিধাৰ বাবে যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত শুনানীত বিষ্ণুৰাম খাকলাৰী নামৰ লোকজনৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল । আজি গ্ৰহণ কৰা এইজন সাক্ষীক লৈ ইতিমধ্যে সংশ্লিষ্ট আদালতে আৰক্ষী সহ ৬৭ জন লোক সাক্ষী গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, আদালতে মুঠ ৭১ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব । ফলত এতিয়াও চাৰিজন লোকৰ সাক্ষ্য লবলৈ আছে । ইপিনে, অভি-নীলৰ পিতৃয়ে আজি সাক্ষ্যদান কৰা লোকজনৰ পৰা ইতিবাচক সাক্ষ্য লাভ কৰাৰ সম্ভাৱনা নাই বুলি দাবী কৰিছে । দিনযোৰা শুনানীৰ অন্তত আদালতে অহা ২৪ আৰু ২৯ জানুৱাৰীৰ দুটা দিন পৰৱৰ্তী শুনানীৰ দিন হিচাপে ধাৰ্য কৰিছে । উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত ডকমকাত একাংশ লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথক (Karbianglang mob lynching case) ।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেৱল অসমতেই নহয়, এই বৰ্বৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল বহি:ৰাষ্ট্ৰতো । অৱশ্যে, ঘটনা সংঘটিত হোৱাৰ পিছত কাৰ্বি আংলং আৰক্ষীয়েও তৎপৰতাৰে ৪৭ জনকৈ অভিযুক্তক আটক কৰি অতি কম সময়ৰ ভিতৰতেই আদালতত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল । উল্লেখ্যনীয় বিষয় এই যে নিলোৎপল, অভিজিতৰ পৰিয়ালৰ লোকৰ এক আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত আৰম্ভ হৈছিল ।

লগতে পঢ়ক : ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পয়োভৰ ৰাজনৈতিক শক্তিৰ : বৃদ্ধি পাইছে ছাত্ৰ সংঘাতৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.