ETV Bharat / city

একেদিনাই ৪০০ টা ঘৰৰ আধাৰশিলা স্থাপন নগাঁৱৰ বিধায়কৰ

author img

By

Published : Aug 6, 2019, 11:46 PM IST

পুৱাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত হিতাধিকাৰীৰ ঘৰে ঘৰে উপস্থিত হৈ মাৰাথন আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ ৷

একেদিনাই ৪০০ টা ঘৰৰ আধাৰশিলা স্থাপন নগাঁৱৰ বিধায়কৰ

নগাঁও, 6 আগষ্ট : মঙলবাৰে পুৱাই লগত দলীয় কৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধি লৈ গাঁৱে গাঁৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত নিৰ্মিত পকীগৃহৰ আধাৰশিলা স্থাপন কৰিলে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়ন খণ্ড অন্তৰ্গত ৰনথলী,খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত লাওগাঁও,কেন্দুগুৰি,হেৰাপট্ৰি,ভকতগাওঁ পঞ্চায়তৰ অধীনষ্ঠ দৰিদ্ৰ পৰিয়াল সমূহৰ গৃহত উপস্থিত হৈ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ৷ আধাৰশিলা স্থাপনত বিধায়ক গৰাকীক সংগ দিয়ে খাগৰিজান আৰু পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীৰ লগতে পঞ্চায়ত সমূহৰ বিষয়া,কৰ্মচাৰীয়ে ৷ বিধায়ক ৰূপক শৰ্মাই আধাৰশিলা স্থাপন কৰা কৰা গৃহসমূহ ৩১ অক্টোবৰ ভিতৰত নির্মাণ কাৰ্য সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তেওঁ লগতে জনাই যে ৰাইজে ইয়াৰ ওপৰিও মহাত্মা গান্ধী নিয়োগ নিশ্চিত আচঁনিৰ লগতে চৰকাৰী উজ্জ্বলা আচঁনি,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আচনিৰ সুবিধাও লাভ কৰিব ৷

ইফালে হিতাধিকাৰীয়ে নিজে গৃহ নির্মাণৰ কামত ব্যস্ত হৈ থকা সময়ত দৈনিক ১৯৩ টকাকৈ ৯৫ দিনৰ বাবে জব কাৰ্ডৰ জৰিয়তে লাভ কৰিব ৷ প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ অধীনত মুঠ ১ লাখ ৩০ হেজাৰ টকাৰে নিৰ্মাণ হ'বলগীয়া এই গৃহসমূহৰ নিৰ্মাণত কোনো মধ্যভোগী নাথাকিব ৷

Intro:নগাৱঁৰ সদৰ সমষ্টিত বিধায়ক ৰুপক শৰ্মাৰ মাৰাথন আধাৰশিলা । প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত হিতাধিকাৰীৰ ঘৰে ঘৰে উপস্থিত হৈ আধাৰশিলা স্থাপন ।
Body:ঘৰে ঘৰে সদৰ সমষ্টিৰ বিধায়ক ৰুপক শৰ্মা । দলীয় কৰ্মী সকলক লগত লৈ পঞ্চায়তৰ জনপ্ৰতিনিধিক লৈ ঘৰে ঘৰে বিধায়ক ৰুপক শৰ্মা । উদ্দেশ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত নিৰ্মিত পকীগৃহৰ মাৰাথান আধাৰশিলা স্থাপন কৰাত । একেদিনাই ৪০০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ লক্ষ্যৰে মঙলবাৰে পুৱাৰে এনেদৰেই ব্যস্ত হোৱা দেখিবলৈ পোৱা গ'ল বিধায়কগৰাকীক । নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়ন খণ্ড অন্তৰ্গত ৰনথলী, খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত লাওগাও, কেন্দুগুৰি, হেৰাপট্ৰি, ভকতগাওঁ পঞ্চায়তৰ অধীনস্থ দৰিদ্ৰ পৰিয়ালৰ গৃহত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰুপক শৰ্মাই। আধাৰশিলা স্হাপন অনুষ্ঠানত বিধায়ক গৰাকীক সংগ দিয়ে খাগৰিজান আৰু পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী লগতে পঞ্চায়ত সমূহৰ বিষয়া ,কৰ্মচাৰীয়ে। বিধায়ক ৰুপক শৰ্মাই আধাৰশিলা স্থাপন কৰা গৃহ সমূহৰ হিতাধিকাৰীয়ে নির্মাণ কাৰ্য্য সম্পন্ন কৰিব লাগিব ৩১ অক্টোবৰ ভিতৰত । তেতিয়া হিতাধিকাৰীয়ে লাভ কৰিব মহাত্মা গান্ধী নিয়োগ নিশ্চিত আচঁনিৰ লগতে চৰকাৰী উজ্জ্বলা আচঁনি ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আচঁনি । প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ অধীনত মুঠ ১ লাখ ৩০ হেজাৰ টকাৰে নিৰ্মাণ হ'বলগীয়া ঘৰসমূহৰ নিৰ্মাণত নাথাকিব কোনো মধ্যভোগী ।উল্লেখ্য ,হিতাধিকাৰীয়ে নিজে গৃহ নির্মাণৰ কামত ব্যস্ত হৈ থকা সময়ত দৈনিক ১৯৩ টকাকৈ ৯৫ দিনৰ বাবে জব কাৰ্ডৰ জৰিয়তে লাভ কৰিব।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.