ETV Bharat / city

বন্যজন্তুৰ প্ৰাণ বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বন বিষয়া - বাগৰি বনাঞ্চলৰ বুঢ়াপাহাৰ খণ্ড বন কাৰ্যালয়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অংশ সম্প্ৰতি বানৰ কৱলত পৰিছে(Flood affects Kaziranga National Park) । নিৰাপদ আশ্ৰয় তথা খাদ্যৰ সন্ধানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লৈছে উদ্যানখনৰ জীৱ-জন্তুবোৰ ৷ এই সময়চোৱাত যাতে কোনো জীৱ-জন্তুৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নহয়, তাৰবাবে ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই । দেওবাৰে এনেদৰে নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকাৰ সময়ত দুৰ্ঘটনাত পতিত হয় বাগৰি বনাঞ্চলৰ বুঢ়াপাহাৰ খণ্ড বন কাৰ্যালয়ৰ বিষয়া দিবাকৰ পাল ৷

Road Accident at Kaziranga
বন্যজন্তুৰ প্ৰাণ বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বন বিষয়া
author img

By

Published : Jun 19, 2022, 10:29 PM IST

কলিয়াবৰ, 19 জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা সময়তে দেওবাৰে দুৰ্ঘটনাত পতিত হয় বাগৰি বনাঞ্চলৰ বুঢ়াপাহাৰ খণ্ড বন কাৰ্যালয়ৰ বিষয়া দিবাকৰ পাল(Road Accident at Kaziranga) ৷ নগাঁও দিশৰ পৰা গৈ থকা এ এচ ০১ই ইউ ৫০৫৯ এখন চাৰিচকীয়া বাহনে পাছফালৰ পৰা খুন্দিয়াই বিষয়াগৰাকীক ৷ এই দুৰ্ঘটনাত আহত বিষয়াগৰাকীক তৎকালীনভাৱে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰায়সমূহ জিলাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো কেইবাটাও অঞ্চল সম্প্ৰতি বানৰ কৱলত পৰিছে(Flood affects Kaziranga National Park) । জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৪ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । নিৰাপদ আশ্ৰয়ৰ সন্ধানত উদ্যানখনৰ জীৱ-জন্তুবোৰ ওখ ঠাইলৈ ঢাপলি মেলিছে । খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈও হৰিণা, বন গাহৰি আদি জন্তু অহা দেখা গৈছে ।

বন্যজন্তুৰ প্ৰাণ বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বন বিষয়া

ইফালে দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত তিনিটা হৰিণা আৰু এটা নাহৰফুটুকী নিহত হোৱা বুলি জানিব পৰা হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত যাতে অন্য বন্যজন্তুৰ মৃত্যু হ’বলগীয়া নহয় তাৰবাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত দিনে নিশাই অতিৰিক্তভাৱে বন সুৰক্ষা কৰ্মীক নিয়োজিত কৰিছে ৷

লগতে পঢ়ক : পানীৰ তলত বুঢ়াপাহাৰ বনাঞ্চল : লুইতৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে ছটাকৈ বন শিবিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.