ETV Bharat / city

প্লাৱিত নগাঁৱৰ বুঢ়াচাপৰি অভয়াৰণ্য - ব্ৰহ্মপুত্ৰ

বানৰ কৱলত নগাঁৱৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য । ইতিমধ্যে বহু বন্য জীৱ-জন্তুৱে অভয়াৰণ্য খনৰ ভিতৰত থকা ওখ ঠাইত আশ্ৰয় লৈছে বুলি জানিবলৈ দিছে বনৰক্ষীয়ে ।

Flood At Nagaon Burhasapari
প্লাৱিত নগাঁৱৰ বুঢ়াচাপৰি অভয়াৰণ্য
author img

By

Published : Jun 29, 2020, 9:59 PM IST

নগাঁও, 29 জুনঃ জলমগ্ন হ'ল নগাঁৱৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে অভয়াৰণ্য খনৰ বহু অংশ ৷

প্লাৱিত নগাঁৱৰ বুঢ়াচাপৰি অভয়াৰণ্য

ৰাজ্যত দীৰ্ঘ দিনৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰেই প্লাৱিত হৈছে নগাঁৱৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনো । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে অভয়াৰণ্য খনৰ বহু অঞ্চল ৷ বুঢ়া লুইতৰ বাঢ়নী পানীত বহু বন্য প্ৰাণীৰ ক্ষতি সাধন হোৱাৰ উপৰিও ১৪ টাকৈ বন শিবিৰৰো বিস্তৰ ক্ষতি সাধন হয় ।

ইফালে অভয়াৰণ্য খনত থকা বহু কেইটা বাঘ, হাতী, ম'হৰ লগতে বহু বন্য জীৱ-জন্তুৱে অভয়াৰণ্য খনৰ ভিতৰত থকা ওখ ঠাইত আশ্ৰয় লৈছে বুলি জানিবলৈ দিছে বনৰক্ষী সকলে । ইফালে অভয়াৰণ্য খনৰ আটাইকেইটা বন শিবিৰ বানত প্লাৱিত হৈছে যদিও সকলো বনৰক্ষী তথা বন বিষয়াই প্ৰতিকূল পৰিবেশকো নেওচি দিনে-নিশাই নিজৰ দ্বায়িত্ব আৰু কৰ্তব্যত ব্যস্ত হৈ আছে ৷ তেওঁলোকে অভয়াৰণ্য খনৰ বন্য প্ৰাণী সমূহ বানপানীত যাতে জনাঞ্চললৈ ওলাই যাব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিছে বন কৰ্মী সকলে ৷

আনহাতে, প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বান আৰু গৰাখহনীয়াৰ ফলত দ্ৰুত গতিত সংকোচিত হৈ আহিছে অভয়াৰণ্য খন ৷ উক্ত ঘটনাত এতিয়া চিন্তিত হৈ পৰিছে বন বিভাগৰ লগতে একাংশ সচেতন স্থানীয় ৰাইজ ।

লগতে পঢ়ক- ভূমিস্খলনঃ পাহাৰীয়া লোকক জাননী জাৰি প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.